Begin typing your search above and press return to search.

এটা নদীদ্বীপ;য'ত ৪৫ বছৰৰ পৰা বাস কৰা নাই কোনো লোকে,ক'ত আছে এই নদীদ্বীপটো

এটা নদীদ্বীপ;যত ৪৫ বছৰৰ পৰা বাস কৰা নাই কোনো লোকে,কত আছে এই নদীদ্বীপটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2020 10:11 AM GMT

এটা নদীদ্বীপ;য'ত ৪৫ বছৰৰ পৰা বাস কৰা নাই কোনো লোকে,ক'ত আছে এই নদীদ্বীপটো ।পৃথিৱীত বিভিন্ন ধৰণৰ নদীদ্বীপ পোৱা যায় য'ত কোনো সময়ত মানুহে বসৱাস কৰিছিল যদিও বিভিন্ন কাৰণত সেই ঠাই ত্যাগ কৰিব লগীয়া হয়। আমি আজি আপোনালোকক এটা এনেধৰণৰ নদীদ্বীপৰ‌ বিষয়ে জনাব বিচালিছো । জানিব পৰা মতে এই নদীদ্বীপটো জাপানৰ চহৰ নাগাচাকিত অৱস্থিত। নাগাচাকিত অৱস্থিত এই নদীদ্বীপটোৰ নাম বেটলশ্বিপ । এই নদীদ্বীপটোক হাশিমা দ্বীপ নামেৰেও জনা যায়। এই নদীদ্বীপটো নাগাচাকিৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। মিস্তুবিশীয়ে এই নদীদ্বীপটো ১৮৯০ চনত ক্ৰয় কৰিছিল।

এই নদীদ্বীপটোৱে প্ৰায় ১৬ একৰ ঠাই আগুৰি আছে। জানিব পৰা মতে এই নদীদ্বীপটোত ১৯৫৯ চনত প্ৰায় পাঁচ হাজাৰতকৈ অধিক জনসংখ্যা আছিল। এই দ্বীপটো সেই সময়ৰ সকলোতকৈ বেছি জনসংখ্যাৰ ভিতৰত এখন ঠাই আছিল । বেটলশ্বিপ নামৰ নদীদ্বীপটোত কয়লা কাৰখানা ও আছিল আৰু এই কাৰখানাত কয়লাৰ খনন কাৰ্য ১৮৮৭ চনৰ পৰা ১৯৭৪ চনলৈ চলি আছিল । এই কাৰখানাত কাম কৰা কৰ্মচাৰী সকলো এই নদীদ্বীপটোৰে নিৱাসী। কিন্তু এই কয়লা কাৰখানাৰ কাম বন্ধ হোৱাৰ পিছতেই এই নদীদ্বীপটো সকলোৱে ত্যাগ কৰে ।

জানিব পৰা মতে এই নদীদ্বীপটোত সেই সময়ত বিভিন্ন ধৰণৰ বিদ্যালয়, চিকিৎসালয়, ৰেস্তোৰাঁ আদি আছিল । কিন্তু তাৰ পিছতেই সকলো বন্ধ হৈ যায় । লগতে জাপানত সঘনে হৈ থকা ধুমুহাৰ ফলত এই নদীদ্বীপটোত বিভিন্ন ধৰণৰ ক্ষয় ক্ষতিও হৈছে । যাৰ বাবে এই নদীদ্বীপটো দেখিবলৈ অতি ভয়ংকৰ লাগে । এই নদীদ্বীপটোলৈ মানুহ‌ যোৱা নিষিদ্ধ কৰা হৈছিল যদিও ২০০৯ চনৰ ২২ এপ্ৰিল তাৰিখে এই নদীদ্বীপটো পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে । কিন্তু এতিয়াও এই নদীদ্বীপটোত পৰ্যটকৰ যথেষ্ট ভিৰ দেখা নাযায় । জানিব পৰা অনুসৰি এই নদীদ্বীপটোত বিভিন্ন ছবিৰ শ্বুটিং ও হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : এটা ৰহস্যময়ী গুহা, য’ত প্ৰৱেশ কৰা সহজ কিন্তু ওলাই অহাত সন্মুখীন হ’ব লগীয়া হয় বাধাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: State Cabinet Minister Himanta Biswa Sarma addresses public meeting at Gogamukh, Lakhimpur

Next Story