Begin typing your search above and press return to search.

দেশবাসীৰ কাৰণে সুখবৰ: চন্দ্ৰযান ২ ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ

দেশবাসীৰ কাৰণে সুখবৰ: চন্দ্ৰযান ২ ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2019 11:30 AM GMT

সমগ্ৰ দেশবাসীৰ কাৰণে এক সুখবৰ ৷ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ২ ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান লাভ কৰিছে ইছ’ৰোয়ে। এই কথা প্ৰকাশ কৰিছে ISRO ৰ মুৰব্বী কে ছিৱানে ৷ অৰ্বিটাৰে লেণ্ডাৰ বিক্ৰমৰ কিছুমান আলোক চিত্ৰ প্ৰেৰণ কৰিছে। ইফালে বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সম্প্ৰতি চেষ্টা কৰি আছে বুলি জনালে কে ছিৱানে।

অৱশ্য অৰ্বিটৰৰ দ্বাৰা লোৱা লেণ্ডাৰ বিক্ৰমৰ কিছুমান ফ’টো এতিয়াও ইছ’ৰোয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে ইছ’ৰোয়ে সাত ছেপ্তেম্বৰত চন্দ্ৰ পৃষ্ঠত এক ইতিহাস গঢ়িবলৈ লোৱাৰ মুহুৰ্ততে চন্দ্ৰযান ২ ৰ লেণ্ডাৰ বিক্ৰমৰ লগত সম্পৰ্ক বিছিন্ন হয়। নিশা প্ৰায় ১ বাজি ৩০ মিনিটৰ পৰা ২ বজাৰ ভিতৰত চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিব লগা চন্দ্ৰযান ২ সম্পৰ্ক বিছিন্ন হোৱাৰ পিছতে এক আৱেগিক পৰিবেশ বিৰাজ কৰে ইছ’ৰোত ৷ কিন্তু ইছ’ৰোৰ অধ্যক্ষ কে সিৱানৰ মত অনুসৰি এই মিশ্যন প্ৰায় ৯৯ শতাংশ সফল হয়।

কাৰণ একেবাৰে শেষ পৰ্যায়ত লেণ্ডাৰৰ লগতে সম্পৰ্ক বিছিন্ন হয়। লেণ্ডাৰ বিক্ৰমৰ অৱতৰণৰ প্ৰক্ৰিয়া সঠিক আছিল ৷দক্ষিণ ধ্ৰুৱৰ পৰা ২.১ কিলো মিটাৰ দূৰত থাকোঁতেই পৃথিৱীৰ পৰা সম্পৰ্ক বিছিন্ন হয় । এতিয়া আমি অৰ্বিটৰ পৰা পোৱা তথ্যসমূহৰ বিশ্লেষণ কৰি আছো ৷ অনাগত ১৪ দিনত লেণ্ডাৰৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰা হ’ব ৷এই মন্তব্য ইছ’ৰোৰ মুৰব্বী কে সিৱানৰ। উল্লেখ্য যে সাত ছেপ্তেম্বৰত নিশা দেশ বাসীয়ে এক ঐতিহাসিক ক্ষণৰ মুখামুখি হ’বলৈ যাওঁতেই চন্দ্ৰযান ২ ৰ সৈতে সংযোগ বিছিন্ন হয়।

ইয়াৰ পিছত বিজ্ঞানীসকল হৈ পৰিছিল অত্যন্ত আৱেগিক। ইফালে এই মূহুৰ্ত্তৰ সাক্ষী হ’বলৈ ইছ’ৰোৰ কাৰ্যালয়ত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷আৰু লগতে দেশৰ বহু শিক্ষাৰ্থী ৷সেই সময়ত সকলোৰে চকু সেমেকি উঠিচিল যদিও,হেৰুৱা নাছিল মনোবল ৷ প্ৰধানমন্ত্ৰী মোডীয়ে সকলোকে পুনৰ আগুৱাই যাবলৈ প্ৰেৰণা দিছিল ৷ইয়াৰ পিছত শনিবাৰে পুৱা আকৌ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় ইছ’ৰোৰ মুখ্য কাৰ্যালয়ত।আৰু বিজ্ঞানীসকলক নিৰাশ নহৈ অনাগত দিনত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক :আপুনি নিৰাশ ন’হব:ই’ছৰোৰ মুৰব্বী কে সিৱানক নৰেন্দ্ৰ মোডীৰ আহ্বান

ভিডিঅ প্ৰতক্ষ্য কৰক:Delhi based Burglars along with female accomplices arrested in Guwahati

Next Story
চাকৰি