Begin typing your search above and press return to search.

সম্পূৰ্ণ ভূমিৰ মালিকীস্বত্ব আৰু সম্পদ সমূহ জনসাধাৰণক ওভতাই দিয়া হব:কনৰেড চাংমা

সম্পূৰ্ণ ভূমিৰ মালিকীস্বত্ব আৰু সম্পদ সমূহ জনসাধাৰণক ওভতাই দিয়া হব:কনৰেড চাংমা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 9:31 AM GMT

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমায়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কয়লা খনন নিষিদ্ধ কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ক স্বাগতম জনাইছে ।

মুখ্যমন্ত্ৰী কনৰেড চাংমা য়ে প্ৰকাশ কৰে যে," সৰ্বোচ্চ ন্যায়ালয়ে শুনানিত প্ৰকাশ কৰে যে, ভুমি আৰু সম্পদ সমূহ মালিকৰ লেণ্ডমাৰ্ক আৰু ঐতিহাসিক। জনসাধাৰণক সম্পূৰ্ণ মালিকীস্বত্ব প্ৰদান কৰিব লাগে । এই ৰায় এক বৃহৎ জয় , সামগ্ৰিক ভাবে ই বৃহৎ দৃষ্টি ভংগী বহন কৰিছে ।"

মুখ্যমন্ত্ৰী গৰাকীয়ে পিছত কয় যে, কয়লা খনন বন্ধৰ ক্ষেত্ৰত মেঘালয়ে এই শিক্ষা বুজিব লাগে আৰু ইয়াৰ আৰ্থিক দিশত প্ৰভাৱান্বিত কৰে লগতে খনন প্ৰকৃত , বৈজ্ঞানিক আৰু প্ৰণালীবদ্ধ ভাৱে কৰিব লাগে। এই কাৰ্যয়ে যাতে পৰিবেশ বিনষ্ট নকৰে তাৰ উপৰত লক্ষ্য ৰাখিবলৈ প্ৰকাশ কৰে কনৰেড চাংমায়ে।

অধিবক্তা অমিত কুমাৰ লগতে সমগ্ৰ টিমক কনৰেড চাংমায়ে অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশক প্ৰত্যাহবান জনাই কোৰ্টত আবেদন দাখিল কৰিছিল ।

এই ৰায়ত জনসাধাৰণ , বিশেষকৈ জনগোষ্ঠীয় লোক সকলৰ জয় হৈছে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী কনৰেড চাংমায়ে। তেওঁ লগতে জনসাধাৰণক উপদেশ দিয়ে যে আৰ্থিক দিশৰ লগতে জৈৱ বৈচিত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি খনন কাৰ্য চলাব লাগে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে , সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে মেঘালয় ৰাজ্যক ১০০ কোটি জৰিমনা বিহা ক্ষেত্ৰত সৰু ৰাজ্য এখনৰ বাবে কষ্টকৰ হব বুলি মানি লয় আৰু এই বৃহৎ পৰিমাণৰ ধন এম ই পি আৰ এফ ( meghalaya environment protection and restoration fund) ৰ ফালৰ দিবলৈ প্ৰকাশ কৰে। এই বৃহৎ পৰিমাণৰ ধন অবৈধ খননত জৰিত আছিল তেওঁলোকৰ পৰা সংগ্ৰহ কৰি দিব লাগিব ।

বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ে মেঘালয় চৰকাৰক ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে দিয়া ১০০ কোটি জৰিমনা জমা কৰিবলৈ নিৰ্দেশ দিয়ে ।

অধিক খবৰৰ বাবে পঢ়ক:উত্তৰ পূৰ্বাঞ্চল একগোট হোৱাটো প্ৰয়োজনীয়:NPP শাখা গঠন কৰি মন্তব্য কনৰেড চাংমাৰ

Next Story
চাকৰি