Begin typing your search above and press return to search.

বৰেণ্য পৰিৱেশ কৰ্মী যাদৱ পায়েঙলৈ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা

বৰেণ্য পৰিৱেশ কৰ্মী যাদৱ পায়েঙলৈ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Feb 2020 12:22 PM GMT

বৰেণ্য পৰিৱেশ কৰ্মী যাদৱ পায়েঙলৈ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা ।ভাৰতৰ অৰণ্য মানবৰূপে খ্যাত ৰাজ্যৰ বৰেণ্য পৰিৱেশ কৰ্মী যাদৱ পায়েঙলৈ আগবঢ়োৱা হৈছে স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা। এই বঁটা প্ৰদান কৰে ‘মাই হোম ইণ্ডিয়া’ নামৰ বেচৰকাৰী সংগঠনটোৱে। অৰণ্য মানব পায়েঙলৈ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰি মাই হোম ইণ্ডিয়া’ই কয় যে শনিবাৰে (২৯ফেব্ৰুৱাৰীত)বিয়লি ৪-৩০বজাত নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাৱত অনুষ্ঠিতব্য এক অনুষ্ঠানত পায়েঙক এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে দেশে-বিদেশে সক্ৰিয় পৰিৱেশ কৰ্মীৰূপে খ্যাতি অৰ্জন কৰা পায়েঙে যোৰহাটত ব্ৰহ্মপুত্ৰৰ কাষত নিজ হাতেৰে এখন বিশাল অৰণ্য গঢ়ি তুলিছে। পৰিৱেশ-প্ৰকৃতি ৰক্ষাৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে তেওঁক ইতিমধ্যে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।আন বহু চৰকাৰী-বেচৰকাৰী সংস্থায়ো তেওঁক বঁটা-বাহনেৰে সন্মানিত কৰিছে। অৱশ্যে এনে অৱস্থাতে মহাৰাষ্ট্ৰ শিক্ষা ব’ৰ্ডে স্কুলীয়া পাঠ্যপুথিত পায়েং সম্পৰ্কত ভুল তথা বিভ্ৰান্তিকৰ তথ্য সন্নিৱিষ্ট কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ভুল তথ্য আঁতৰোৱাৰ উদ্যোগ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰয়াসত মহাৰাষ্ট্ৰ শিক্ষা ব’ৰ্ডে স্কুলীয়া পাঠ্যপুথিত সন্নিৱিষ্ট এই ভুল তথ্য আঁতৰ কৰে।

উল্লেখ্য যে মহাৰাষ্ট্ৰ শিক্ষা ব’ৰ্ডে পায়েঙক মিছিং জনগোষ্ঠীয় লোকৰ পৰিৱৰ্তে ভুলবশতঃ তেওঁ অঘৰী জনজাতিৰ লোক বুলি উল্লেখ কৰিছিল। ইয়াকে লৈ ৰাজ্যৰ মিছিং জনগোষ্ঠীয় লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰী সোণোৱালে বিষয়টোত হস্তক্ষেপ কৰি ভুল আঁতৰোৱাৰ দিহা কৰিব বুলি বিভিন্ন মিছিং জনগোষ্ঠীয় সংগঠনক প্ৰতিশ্ৰুতি দিয়ে। সেই অনুসৰি তেওঁ পদক্ষেপ গ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ স্কুলীয়া পাঠ্যপুথিৰ পৰা ভুল আঁতৰোৱাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে পৰিৱেশ আৰু প্ৰকৃতি ৰক্ষাত দেহে-কেহে খাতি অহা পায়েঙে কাৰ্বি আংলঙতো পৰিৱেশ ৰক্ষাৰ কাম কৰিছে। তদুপৰি তেওঁ অৰুণাচল প্ৰদেশৰ ইগল নেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত পৰিৱেশ পৰ্যটনৰ বাবে কাম কৰি আছে।

সহজ-সৰল জীৱন অতিবাহিত কৰা পায়েং সম্পৰ্কত সাংবাদিক জিতু কলিতাই লিখা এখন গ্ৰন্থ অলপতে ইংৰাজীলৈ অনুদিত হয়। গ্ৰন্থখনত পায়েঙৰ জীৱন-কৰ্ম আদি প্ৰকাশ পাইছে। কিছু বছৰ পূৰ্বে দিল্লীৰ জৱাহৰলাল নেহৰু (জে এন ইউ) বিশ্ববিদ্যালয়ে বৰেণ্য পৰিৱেশ-প্ৰকৃতি কৰ্মীগৰাকীক সন্মান জনায়। ইয়াৰ জড়িয়তে তেওঁ দেশজুৰি খ্যাতি অৰ্জন কৰে। তেওঁ অকলে নিজ হাতেৰে হাড়ক মাটি কৰি তেজক পানী কৰি ব্ৰহ্মপুত্ৰৰ পাৰত গঢ়ি তোলা বিশাল অৰণ্যখনক মুলাই অৰণ্যৰূপে জনা যায়।একমাত্ৰ প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি থকা হেঁপাহৰ বাবে এই অৰণ্য গঢ়ি তোলা বুলি প্ৰসিদ্ধ পৰিৱেশ কৰ্মীগৰাকীয়ে প্ৰায়ে কয়।

অন্য খবৰৰ বাবে পঢ়ক : অসমীয়া-বঙালীৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্য,বাংলা ভাষাত প্ৰকাশ পালে কলাগুৰু ৰাভাৰ জীৱনীগ্ৰন্থ

ভিডিঅ প্ৰতক্ষ্য কৰক : North East Trade Facilitation Fair 2020 begins from Feb 28

Next Story
চাকৰি