Begin typing your search above and press return to search.

জগন্নাথ ৰথ যাত্ৰা আৰম্ভ : হাজাৰ হাজাৰ ভক্তৰ সমাগম

জগন্নাথ ৰথ যাত্ৰা আৰম্ভ : হাজাৰ  হাজাৰ ভক্তৰ সমাগম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 1:45 PM GMT

১৪২ সংখ্যাক ৰথ যাত্ৰা আৰম্ভ হয় আজিৰ পৰা । জগন্নাথ ৰথ যাত্ৰাত হাজাৰ হাজাৰ ভক্তয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে । আহমেদবাদৰ জামালপুৰ জগন্নাথ ৰথ যাত্ৰাত ১৯ টা হাতী , ১০০ খন ট্ৰাক , আৰু ৩০ টা সংগীৰ বেনে অংশগ্ৰহন কৰে । লোকবিশ্বাস অনুসৰি ভগৱান কৃষ্ণ তেওঁৰ সহোদৰ বলোৰাম আৰু সুভদ্ৰা পেহিয়েকৰ ঘৰলৈ ৰথত যাত্ৰা কৰে।এই উৎসৱ তথা অনুষ্ঠানৰ মুলতে হৈছে সমাজত শান্তি প্ৰতিষ্ঠা কৰা।

সমগ্ৰ দেশতে ৰথ যাত্ৰাৰ বাবে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । ৰথ যাত্ৰাৰ উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰে সকলোকে । দেশৰ ভিতৰতে গুজৰাট, উৰিষ্যা আৰু আন আন প্ৰান্ততো উলহ মালহেৰে ৰথ যাত্ৰাত অংশগ্ৰহন কৰে ।

https://twitter.com/narendramodi/status/1146607296530833408

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি প্ৰকাশ কৰে যে , ৰথ যাত্ৰাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ । ভগৱান জগন্নাথে সকলোৰে সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধি দিয়ে যাতে।

সময়সূচীৰ মতে , ৰথ যাত্ৰা আজি পুৱাৰ পৰা আৰম্ভ হয়। ৰথ যাত্ৰাত প্ৰায় ২৫,০০০ নিৰাপত্তা ৰক্ষীক নিয়োগ কৰা হৈছে । লগতে চিচিটিভি, দ্ৰোণ কেমেৰাৰো ব্যবস্থা কৰা হয় ।আহমেদবাদৰ জামালপুৰ জগন্নাথ ৰথ যাত্ৰাত ১৯ টা হাতী , ১০০ খন ট্ৰাক , আৰু ৩০ টা সংগীৰ বেনে অংশগ্ৰহন কৰে । লোকবিশ্বাস অনুসৰি ভগৱান কৃষ্ণ তেওঁৰ সহোদৰ বলোৰাম আৰু সুভদ্ৰা পেহিয়েকৰ ঘৰলৈ ৰথত যাত্ৰা কৰে।এই উৎসৱ তথা অনুষ্ঠানৰ মুলতে হৈছে সমাজত শান্তি প্ৰতিষ্ঠা কৰা।

অধিক খবৰৰ বাবে পঢ়ক :১৪জুলাইৰ পৰা আৰম্ভ জগন্নাথ ৰথযাত্ৰা উৎসৱ

Next Story
চাকৰি