জম্বু কাশ্মীৰত সোনকালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হব : অমিত শ্বাহ

জম্বু কাশ্মীৰত সোনকালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হব : অমিত শ্বাহ

শুকুৰবাৰে লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্বু কাশ্মীৰ সংৰক্ষণ বিধেয়ক দাখিল কৰে। জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ সময় বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। লগতে অমিত শ্বাহে প্ৰকাশ কৰে যে ২০১৮ চনৰ ডিচেম্বৰৰ পৰা জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল যিটো ২০১৯ চনৰ জুলাইত অন্ত পৰিব। গৃহমন্ত্ৰীগৰাকীয়ে সদনক এই সময়সীমা আৰু ছমাহৰ বাবে বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনায়।

অমিত শ্বাহে সদনত কয় যে ৰমজান আৰু অমৰনাথ যাত্ৰাৰ মাজত নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অসমৰ্থ হয়। নিৰ্বাচন আয়োগে এই বছৰৰ শেষলৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। নিৰ্বাচন আয়োগে দিয়া সময় সূচী মতে জম্বু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হব বুলি প্ৰকাশ কৰে অমিত শ্বাহে ।

এনে অৱস্থাত ৰাজ্যখনত আৰু ছমাহলৈ ৰাষ্ট্ৰপতি শাসন বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। সদনত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আজি এই সদনৰ আগত মই দুটা প্ৰস্তাৱ লৈ উপস্থিত হৈছো। এটা হ’ল জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ সময় বৃদ্ধি কৰা হওক আৰু দ্বিতীয়টো জম্মু–কাশ্মীৰৰ সংবিধানৰ অনুচ্ছেদ ৫ আৰু ৯ৰ জৰিয়তে যি সংৰক্ষণৰ ব্যৱস্থা আছে তাৰ সংশোধন কৰা।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্বু কাশ্মীৰ সংৰক্ষণ বিধেয়ক দাখিল কৰে। জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ সময় বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। লগতে অমিত শ্বাহে প্ৰকাশ কৰে যে ২০১৮ চনৰ ডিচেম্বৰৰ পৰা জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল যিটো ২০১৯ চনৰ জুলাইত অন্ত পৰিব। জম্বু কাশ্মীৰত পুনৰ ছয় মাহৰ বাবে ৰাষ্ট্ৰপতি শাসন আৰম্ভ হব জুলাইৰ পৰা আৰু নিৰ্বাচনী আয়োগৰ সময়সূচী মতে নিকা আৰু স্বচ্চ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হব বুলি প্ৰকাশ কৰে ।

লগতে লোকসভাত সংবিধানৰ ৩৭০ অনুচ্ছেদৰ কথাও উল্লেখ কৰে । আজি লোকসভাত ২০১৯ ৰ জম্বু কাশ্মীৰৰ সংৰক্ষণৰ বিল ৰূপায়ণ কৰা হব ।

আন্তঃৰাষ্ট্ৰীয় সীমান্তত বসবাস কৰা লোকসকলে এতিয়াৰে পৰা বিভিন্ন সা-সুবিধা সমূহ লাভ কৰিব পাৰিব । লগতে অমিত শ্বাহে মোদী চৰকাৰে সন্ত্ৰাসবাদী বিৰোধী অভিযান আৰম্ভ কৰা কথা প্ৰকাশ কৰে ।

ৰাজ্যৰ নিৰাপত্তাৰ বাবে চৰকাৰে ২,৩০৭ কোটি ব্যয় কৰিছে ।অমিত শ্বাহে কংগ্ৰেছৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সমালোচনা কৰে । জম্বু কাশ্মীৰৰ এক তৃতীয়াংশ বৰ্তমান ভাৰতৰ লগত নাই । কিন্তু তাৰ বাবে কোন দায়ী বুলি প্ৰশ্ন কৰে অমিত শ্বাহে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com