Begin typing your search above and press return to search.

যোৰাবাটত ভূমিস্খলন: আহত হেমেশ্বৰ বৰা নামৰ এজন

যোৰাবাটত ভূমিস্খলন: আহত হেমেশ্বৰ বৰা নামৰ এজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 12:19 PM GMT

ৰাজ্যত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ লগতে বহুতো জিলা জলমগ্ন হৈ পৰিছে । যোৰাবাটত মংগলবাৰে হোৱা ভূমিস্খলনৰ ফলত এজন লোক আহত হৈছে ।

যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত ১১ মাইলত মংগলবাৰে বাবে হোৱা ভূমিস্খলনৰমত হেমেশ্বৰ বৰা নামৰ লোক এজন আহত হয় । ব্যক্তি জনৰ বয়স প্ৰায় ৬০ বছৰ হব । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা নিজৰ হোটেলত কাম কৰি আছিল ব্যক্তি জনে । কাম কৰি থকা অবস্থাত হঠাতে ভূমিস্খলন হোৱাৰ ফলত হেমেশ্বৰ বৰা ওৰফে বি বৰা নামৰ ব্যক্তিজনৰ দুয়োটা ভৰি মাটিৰ তলত সোমাই পৰে।

ঘটনাৰ সংঘটিত হোৱাৰ পাছতে আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ব্যক্তি জনক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰিছে ।

jorabat

ৰাজ্যত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলতে ভূমিস্খলন আৰু বানপানীৰ সৃষ্টি হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্ত লক্ষিমপুৰ , ধেমাজি , নলবাৰী আদিকে ধৰি বহু কেইখন গাঁও এতিয়া পানীৰ তলত। এই লোকসকলে এক দুৰ্বিসহ জীৱন কটাব লগা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক:মণিপুৰত ভূমিস্খলনত ৯ জনৰ প্ৰাণ নাশ

Next Story