Begin typing your search above and press return to search.

ওদালগুৰিৰ নোৱা নদীৰ বান্ধ মেৰামতিৰ দাবী কলাইগাঁও আছুৰ

ওদালগুৰিৰ নোৱা নদীৰ বান্ধ মেৰামতিৰ দাবী কলাইগাঁও আছুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2019 9:06 AM GMT

ৰাজ্যৰ প্ৰলয়ংকাৰী বানত নোৱা নদীৰ ওফন্দি পৰি ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ বহুতো গাঁও জলমগ্ন হৈ পৰে। ৰূপাতল, ভেহগুৰি , বালিপাৰা, গেৰুৱা, আমগুৰি, হাবি ভংগা, কলাইগাও, বাগিছাচুব্বা, গাৰুবন্ধা, শিঙৰিমাৰী, ভাতিখাণ্ড আৰু চেগুনবাহী আদিত বানপানীয়ে যথেষ্ট ক্ষতিগ্ৰস্ত কৰে । হাজাৰো অধিক শষ্য পথাৰ ধ্বংস হোৱাৰ লগতে বহুতো ফিচাৰি পানীয়ে উটোৱাই নিয়ে ।

সদৌ অসম ছাত্ৰ সন্থাৰ কলাইগাঁও শাখায়ে বিভাগীয় কতৃপক্ষক বান বিধস্ত অঞ্চলত ক্ষতিপূৰণ দিয়াৰ লগতে , সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে । কলাইগাঁও আছুয়ে কলাইগাও চক্ৰ বিষয়াৰ হৈ ওদালগুৰিয জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । লগতে ছাত্ৰ সন্থায়ে নোৱা নদীৰ বান্ধৰ শীঘ্ৰেই মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰিছে ।

পিছত সম্পাদক ৰঞ্জিত নাথ, সভাপতি মাধুৰ্য্য শৰ্মায়ে জিলা উপায়ুক্তক অনুৰোধ কৰে যে, কলাইগাও ৰ পৰা ওদালগুৰিলৈ যোৱা পথৰ আৰ চি চি কালভাৰ্ট মেৰামতি কৰিবলৈ দাবী জনাই।

অসমৰ বানক্ৰান্তসকলক লৈ সদৌ অসম ছাত্ৰ সন্থাই প্ৰকাশ কৰিছে যে ৰাজ্য চৰকাৰে বানাক্ৰান্তক সাহাৰ্য্য সামগ্ৰী দিয়াত উপেক্ষা কৰিছে । সদৌ অসম ছাত্ৰ সন্থাৰ চিত্তৰঞ্জন বসুমতাৰী আৰু দুলদুল বৰকটকীয়ে এক সংবাদ বিজ্ঞপ্তিত কয় যে বানে এতিয়া সমগ্ৰ ৰাজ্যত সংহাৰ কঢ়িয়াই আনিছে ৷ তেনে সময়তে ৰাজ্য চৰকাৰৰ বান প্ৰভাৱিত অঞ্চলসমূহলৈ দিয়া সাহাৰ্য্যৰ পৰিমাণ অত্যন্ত সীমিত ৷

লগতে কয় যে ৰাজ্যৰ প্ৰশাসনৰ বিভিন্ন যাৱতীয় সা সুবিধাৰ পৰা বহু বানে প্ৰভাৱিত কৰা অঞ্চলসমূহ বঞ্চিত হয় । ইয়াৰ ভিতৰত খাদ্য,বিশুদ্ধ খোৱা পানী আৰু অন্যান্য সামগ্ৰীসমূহ অন্যতম ৷ সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰসংগত মন্তব্য কৰে যে কেন্দ্ৰই এতিয়াও বানে প্ৰভাৱিত কৰা অঞ্চলসমূহৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰা নাই ৷

বিগত ২৪ ঘন্টাত বানপানীত মৃত্যু হোৱা পাঁচজন লোকৰ লগতে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ জনলৈ বৃদ্ধি হৈছে। ইয়াৰোপৰি ভূমিস্খলনত মৃত্যু হৈছে ২ জন লোকৰ ৷ৰাজ্যপাল জগদীশ মুখীয়ে দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ বানত হোৱা ক্ষতিৰ সমীক্ষা কৰে ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১৫৫ চেন্টিমিটাৰ পানী হ্ৰাস হোৱাৰ তথ্য বিভাগীয় কৰ্তৃপক্ষই দিছে ।

সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১৮২ টা বন্য প্ৰাণীয়ে মৃত্যু বৰণ কৰিছে। ইয়াৰ মাজতে ৰাজ্যৰ নদীসমূহৰ পানী কিছু পৰিমাণে হ্ৰাস পাইছে।বিগত দিনত ব্ৰহ্মপুত্ৰ, যোৰহাটৰ নিমাতীঘাটৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছিল ৷ শোনিতপুৰৰ এন টি ৰডৰ জিয়া ভৰালী আৰু নগাঁৱৰ ধৰমতুলত কপিলীও বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

অন্য খবৰৰ বাবে পঢ়ক: বানাক্ৰান্ত অঞ্চলসমূহত বান সাহাৰ্য্যৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

Next Story