Begin typing your search above and press return to search.

ধঁপাত বিৰোধী অভিযানৰ বিৰুদ্ধে পদক্ষেপ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

ধঁপাত বিৰোধী অভিযানৰ বিৰুদ্ধে পদক্ষেপ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Aug 2019 1:38 PM GMT

ধঁপাত বিৰোধী অভিযানৰ ক্ষেত্ৰত অধিক সস্ত্ৰম হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন । এই সন্দৰ্ভত কামৰূপত টাস্ক ফৰ্চ অধিক সক্ৰিয় আৰু সম্প্ৰসাৰিত কৰা হ’ব। আৰু ধঁপাত বিৰোধী অভিযান আৰু অধিক কাৰ্যকৰী কৰি তোলাৰ কাৰণে জিলা খনৰ ৰাজহ চক্ৰ পৰ্যায়তো একোটাকৈ টাস্ক ফৰ্চ গঠন কৰা হ’ব ৷

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা স্বাস্থ্য সমিতিৰ ধপাঁত নিয়ন্ত্ৰণ কোষৰ জিলা পৰ্যায়ৰ সঞ্চালন আৰু সমন্বয়ৰক্ষী কমিটীৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° সদনেক সিঙৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত স্বাস্থ্য বিভাগকে আদি কৰি অন্যান্য বিভাগবোৰে চলাই থকা ধপাঁত বিৰোধী অভিযানো অধিক সক্ৰিয় কৰিবৰ বাবে ধপাঁত বিৰোধী অভিযানৰ পৰ্যালোচনা কৰা হয় ৷ আৰু ধপাঁত বিৰোধী অভিযান অধিক কৰি তোলাৰ কাৰণে গুৰুত্ব আৰোপ কৰে ৷

ইফালে ধপাঁত বিৰোধী অভিযান কৰা হ’ব ফ্লাইং স্কোৱাডৰ দ্বাৰা ৷ এই অভিযান হ’ব টাস্ক ফৰ্চৰ অন্তৰ্গতত ৷ উল্লেখ্য যে চক্ৰ পৰ্যায়ৰ টাস্ক ফৰ্চত এগৰাকী দণ্ডাধীশ,খাদ্য সুৰক্ষা বিষয়া,আৰক্ষী আৰু গুৱাহাটীৰ পৌৰ নিগমৰ বিষয়া থাকিব ৷ফ্লাইং স্কোৱাডৰ অভিযানৰ সময়ত কোনোৱে ৰাজহুৱা স্থানত ধুমপান কৰা,ধপাঁত সেৱন কৰি য’তে ত’তে পিক পেলোৱা,শিক্ষানুস্থানৰ ১০০ গজৰ ভিতৰত ধপাঁত জাতীয় সামগ্ৰী বিক্ৰী কৰা ,১৮ বছৰৰ তলৰ ল’ৰা ছোৱালীক ধপাঁত জাতীয় দ্ৰব্য যদি বিক্ৰী কৰিলে চকলেট,মৰ্টন,কেন্দি আদিৰ সৈতে ধপাঁত জাতীয় সামগ্ৰী বিক্ৰী কৰি ধৰা পৰিলে,তেনে ব্যক্তিৰ বিৰুদ্ধে চিগাৰেট আৰু অন্যান্য ধপাঁত জাতীয় আইন ২০০৩ ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সভাখনত কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ তত্ত্বাৱধনাত চিগাৰেট আৰু অন্যান্য ধপাঁত জাতীয় সামগ্ৰী আইন বলৱৎ কৰা আৰু আইন ভংগকাৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷লগতে ইয়েলো লাইন কেম্পেইন আঁচনিৰ জৰিয়তে বিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ ১০০ গজৰ ব্যাসাৰ্দ্ধ সামৰি ধপাঁত মুক্ত অঞ্চল চিহ্ন অংকিত কৰি এনে অঞ্চলত চিগাৰেট আৰু অন্যান্য ধপাঁত জাতীয় সামগ্ৰী আইনখন ফলপ্ৰসূভাৱে ৰূপায়নৰ কাৰণি গুৰুত্ব আৰোপ কৰা হয়।

ইফালে সাম্প্ৰতিক সময়ত য’তে ত’তে পিক পেলোৱা সমস্যাটো নিৰাময়ৰ সন্দৰ্ভে সভাত আলোচনা কৰা হয় ৷চৰকাৰী,বেচৰকাৰী কাৰ্যালয়,ছবিগৃহ, প্ৰেক্ষাগৃহ,বেংক,হোটেল আদিকে ধৰি সকলো ৰাজহুৱা স্থানত পিক পেলোৱা নিষিদ্ধ শীৰ্ষক পৰ্যাপ্ত পৰিমাণৰ ফলকৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।সভাত কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গনেশ শইকীয়া,জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ মডেল বিষয়া ডা° মৃদুল ভাগৱতীৰ লগত অন্যান্য লোকসকলো উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: প্ৰতিদিনে বৃদ্ধি পোৱা কেন্সাৰ ৰোগী ক্ষেত্ৰত ফাদিল চাঞ্চল্যকৰ তথ্য

ভিডিঅ প্ৰতক্ষ্য কৰক:One dies on being attacked by stray bull in Bongaigaon

Next Story
চাকৰি