কৰিমগঞ্জ অসামৰিক চিকিৎসালয়: কেতিয়া মুকলি হব এই চিকিৎসালয় খন?

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়: কেতিয়া মুকলি হব এই চিকিৎসালয় খন?

কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য খণ্ডত কেৱল মাত্ৰ ২ শতাংশ জিডিপি ( Gross domestic product) ব্যয় কৰে। জনসাধাৰণৰ সৰ্বনিম্ন মৌলিক স্বাস্থ্য আৰু চিকিৎসা সেৱা পূৰন কৰিবলৈ এই শতাংশ অতি নিম্ন । ইয়াৰ ফলত " সকলোৰে সুস্বাস্থ্য" ( Health for all) আচনি কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰকৃত ছবিতকৈই বহু পৃথক । আমাৰ দেশৰ গুৰুত্ব কমি গৈছে বুলি প্ৰকাশ কৰিছে। অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে সদায় প্ৰকাশ কৰি আহিছে যে , আৰ্থিক ভাৱে দুৰ্বল আৰু প্ৰয়োজনীয় সকলে যাতে মৌলিক স্বাস্থ্য সেৱা সমূহ লাভ কৰে । আৰ্থিক ভাবে দুৰ্বল লোক সকলৰ বাবে চিকিৎসাৰ বাবে নাৰ্ছিং হোমত ভৰ্তি হবলৈ সক্ষম নহয় । সেইবাবে চৰকাৰে এই লোকসকলে যাতে চৰকাৰী চিকিৎসালয় সমূহত সেই সুবিধা লাভ কৰে তাৰ ওপৰত গুৰুত্ব দিয়ে ।

সেয়েহে আৰ্থিক ভাৱে দুৰ্বল লোকসকলৰ বাবে চৰকাৰী অসামৰিক চিকিৎসালয় সমূহৰ প্ৰয়োজনীয় । কিন্তু এই চিকিৎসালয় সমূহত বহু সময়ত চিকিৎসক , চিকিৎসা কৰ্মী আৰু ঔষধ আদি নথকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । আদৰ্শ চিকিৎসালয় সমূহতো একে পৰিবেশে পৰিলক্ষিত হয় ।

কৰিমগঞ্জ অসামৰিক চিকিৎসালয় ক্ষেত্ৰতো এক আচৰিত লগা ঘটনা পোহৰলৈ আহিছে । এই অসামৰিক চিকিৎসালয় খন দুবছৰৰ আগতে উদ্বোধন হোৱা কথা আছিল । এজন জেষ্ঠ সাংবাদিক চন্দন কুমাৰ ৰয়ে প্ৰকাশ কৰা মতে , স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে যোৱা ২২ জুনৰ ভিতৰত ৩ বাৰ তাৰিখ সলনি কৰা হৈছিল । কিন্তু ৩ টা তাৰিখে বাতিল কৰা হয় ।

এক সূত্ৰয়ে প্ৰকাশ কৰা মতে, চিকিৎসালয় খনত পৰ্যাপ্ত কোঠা আছে যদিও অত্যাধুনিক উপযুক্ত চিকিৎসা সেৱাৰ অভাৱ। লগতে নিয়-নাতাল ইউনিট , আইচিইউ, ডাইলিচিছ ইউনিট , ৰেজিঅল'জি, চি টি স্কেন , এম আৰ আই , চিচি ইউ , অমৃত ফাৰমিচি লগতে ঔষধৰ গুদামো নিৰ্মাণ কৰা হৈছে অসামৰিক চিকিৎসালয় খনত ।অত্যাধুনিক যন্ত্ৰ পাতি সমূহ বৰ্তমানলৈকে অনা হোৱা নাই । হৃদৰোগ সম্বন্ধীয় আৰু সংকটজনক ৰোগীক শিলচৰ মেডিকেল কলেজ হস্পিতালৈ প্ৰেৰণ কৰিব লাগে । উল্লেখযোগ্য যে ৫০ বছৰীয়া পুৰনি শিলচৰ মেডিকেল চিকিৎসালয় হস্পিতাল বৰ্তমানলৈকে সকলো সুবিধা উপলব্ধ হোৱা নাই , তেনেহ'লে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সকলো সুবিধা একেলগে উপলব্ধ হব বুলি আশা কৰিব পাৰি? কেন্দ্ৰয়ে চিকিৎসালয় বাসগৃহৰ বাবে ইতিমধ্যে ধন মোকলাই দিছে । যদি এই চিকিৎসালয় খন জনসাধাৰণৰ বাবে মুকলি কৰা নহয় । তেনেহ'লে জনসাধাৰণৰ সুবিধা কেনেকৈ হব বুলি প্ৰকাশ কৰে এখন স্থানীয় বাসিন্দায়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com