আহি আছে কাৰ্তিক আৰিয়নৰ নতুন ছবি "দোস্তানা ২",আৰম্ভ হৈছে ছবি নিৰ্মানৰ কাম

আহি আছে কাৰ্তিক আৰিয়নৰ নতুন ছবি "দোস্তানা ২",আৰম্ভ হৈছে ছবি নিৰ্মানৰ কাম

আহি আছে কাৰ্তিক আৰিয়নৰ নতুন ছবি "দোস্তানা ২",আৰম্ভ হৈছে ছবি নিৰ্মানৰ কাম । বলিউডৰ এজন জনপ্ৰিয় অভিনেতা হ'ল কাৰ্তিক আৰিয়ন । অতি কম সময়ৰ ভিতৰতে কাৰ্তিক আৰিয়নে দৰ্শকৰ মাজত এক জনপ্ৰিয়তা লাভ কৰিছে । কাৰ্তিক আৰয়নৰ আহিবলগীয়া ছবি দোস্তানা ২ ইতিমধ্যে চৰ্চাত আছে । এই ছবি খনক লৈ অভিনেতা কাৰ্তিক আৰয়ন যথেষ্ট উৎসাহী । এই ছবি খন সম্বন্ধীয় খবৰ ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হোৱা পৰিলক্ষিত হয়। কাৰ্তিক আৰিয়নে ইতিমধ্যে ছ'চিয়েল মিডিয়াত কিছুমান ফটো তথা ভিডিঅ'ও শ্বেয়াৰ কৰিছে । কাৰ্তিক আৰিয়নে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি লিখে যে , " কামৰ প্ৰথম দিন ২০২০ , ৱাৰ্ক মুড অন" ।

ইয়াৰ দ্বাৰা স্পষ্ট হয় যে অভিনেতা কাৰ্তিক আৰিয়নে ২০২০ ৰ কাম আৰম্ভ কৰি দিছে । কাৰ্তিক আৰিয়নে দোস্তানা ২ ৰ কাম আৰম্ভ কৰিছে ।

উল্লেখযোগ্য যে এই ছবি খনত মুখ্য ভূমিকাত কাৰ্তিক আৰিয়নৰ লগতে জাহ্নৱী কাপুৰ আৰু লক্ষ্য লালৱানীও থাকিব । এই ছবি খনৰ নিৰ্মাতা বলিউডৰ বিখ্যাত কৰণ জোহৰে কৰিব । এই ছবিখনৰ কাম অতি পূৰ্বে হোৱা কথা আছিল যদিও দিল্লীৰ প্ৰদূষণৰ বাবে এই ছবি খনৰ শ্বুটিঙৰ কাম পিছুৱাই দিয়া হয়। অৱশ্যে ইয়াৰ আগতে ছবি খনৰ দুদিনৰ শ্বুটিং সম্পূৰ্ণ হৈছে । এই ছবি খনৰ নিৰ্দেশনা কৰিছে ক'লিন ডি ছুন্হাই । সংগীত পৰিচালনা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে।

কাৰ্তিক আৰিয়নে অতি কম সময়তে বলিউডৰ এক ভাল স্থান দখল কৰিবলৈ সক্ষম হয়। কিছুদিন পূৰ্বে কাৰ্তিক আৰিয়নৰ ছবি ' পতি পত্নী অ'ৰ ৱ' য়ে বক্স অফিচত যথেষ্ট সফলতা অৰ্জন কৰা দেখা যায়।

উল্লেখযোগ্য যে বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়নে 'লুকা চুপ্পি' , চনু কি টিটু কী চুইটী, প্যাৰ কা পঞ্চনামা, প্যাৰ কা পঞ্চনামা ২ , গেষ্ট ইন লণ্ডন, আকাশবাণী আদি বিভিন্ন ছবিত অভিনয় কৰি দৰ্শকৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ।

অৱশ্যে দোস্তানা ২ ছবি খন কেতিয়ালৈকে মুক্তি লাভ কৰিব সেই সম্পৰ্কে প্ৰকাশ হোৱা নাই।

ভিডিঅ প্ৰতক্ষ্য কৰক : Scrap CAA or exempt Assam from it: Former CM of Assam Prafulla Kumar Mahanta

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com