Begin typing your search above and press return to search.

কেৰেলাৰ কট্টোৰ গাঁওত স্থাপন কৰা হৈছে ভাৰতৰ প্ৰথটো হস্তী পূৰ্নবাসন কেন্দ্ৰ

কেৰেলাৰ কট্টোৰ গাঁওত  স্থাপন কৰা হৈছে ভাৰতৰ প্ৰথটো হস্তী পূৰ্নবাসন কেন্দ্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 July 2019 12:19 PM GMT

শ্ৰী লংকাৰ পিন্নাৱালা হস্তী শ্ৰম ( Pinnawala elephant Orphanag) ৰ আৰ্হিত ভাৰতৰ প্ৰথমটো হস্তী পূৰ্নবাসন কেন্দ্ৰ স্থাপন কৰা হৈছে । কেৰেলাৰ ইক'টুৰিজিম গাঁও কট্টোৰত ভাৰতৰ প্ৰথমটো হস্তী পূৰ্নবাসন কেন্দ্ৰ স্থাপন কৰা হৈছে । ই কেন্দ্ৰটোত ১৫ টা হাতী আছে । ৰাজধানী থিৰুবান্নাথাপুৰামৰ সমিপত কট্টোৰত স্থাপন কৰা হৈছিল আৰু এই প্ৰজেক্টৰ বাবে ১০৫ কোটি মুকলি কৰি দিয়া হৈছে । যোৱা মাহত মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে মুকলি কৰিছিল এই প্ৰকল্পটো ।

হস্তী পূৰ্নবাসন কেন্দ্ৰত হস্তীক সকলো খিনি যত্ন কৰা হব । হস্তী সংৰক্ষণ , মাউত প্ৰশিক্ষণ কেন্দ্ৰ , চুপাৰ-স্পেলিটি হস্পিতাল, এটা অবসৰৰ কোঠা আৰু জীৱজন্তুৰ শ্মশান নিৰ্মাণ কৰা হৈছে । এই পূৰ্নবাসন কেন্দ্ৰটো বিশেষকৈ অনাথ, আহত আৰু বুঢ়া হাতীক যত্ন লোৱা হব।

কেৰেলাৰ কট্টোৰ গাঁওত স্থাপন কৰা হৈছে ভাৰতৰ প্ৰথটো হস্তী পূৰ্নবাসন কেন্দ্ৰ স্থাপন কৰা হৈছে । বৰ্তমান এই কেন্দ্ৰটোত ১৫ টা হাতী আছে । কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হলে অধিক হাতী ৰাখিব পাৰিব বুলি প্ৰকাশ কৰে ।

এই কেন্দ্ৰটোত বন্দী হস্তীকো ৰখাৰ ব্যৱস্থা কৰা হব বুলি প্ৰকাশ কৰিছে । যোৱা মাহৰ হস্তী গননাৰ তথ্য মতে ৰাজ্যখনত ৫০৭ টা হাতী আছে । আনহাতে গুৰুবায়ুৰ চহৰৰ শ্ৰী কৃষ্ণ মন্দিৰত ৫৯ টা হাতী আছে ।

হস্তী পূৰ্নবাসন কেন্দ্ৰটো প্ৰাকৃতিক বনাঞ্চলৰ ৬৫ হেক্টৰৰো অধিক ভূমি সামৰি আছে। ইয়াৰ যোগেদি হাতী চাফাৰী আৰু পৰ্যটকৰ বাবে সুবিধা প্ৰদান কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: বন্যহস্তীৰ মৃত্যুদেহ উদ্ধাৰ: তীক্ষ্ণ কাঁটা তাঁৰত লাগি হস্তীৰ মৃত্যুৰ সন্দেহ

Next Story
চাকৰি