Begin typing your search above and press return to search.

ৰাজ্যত বিনামূলীয়া হব কিডনী চিকিৎসা: সংবাদমেলত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত বিনামূলীয়া হব কিডনী চিকিৎসা: সংবাদমেলত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2019 11:29 AM GMT

ৰাজ্যত বিনামূলীয়া হব কিডনি চিকিৎসা বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ।আজি জনতা ভৱনৰ ই ব্ল'কত সংবাদমেল সম্বোধন কৰে হিমন্ত বিশ্ব শৰ্মায়ে ।প্ৰথম পৰ্যায়ত ৮ টা কেন্দ্ৰত এই ব্যৱস্থা আৰম্ভ হ'ব বুলি প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মায়ে। ১৪ জুনত নলবাৰী জিলা চিকিৎসালয়ত প্ৰথম আৰম্ভ কৰিব এই ব্যৱস্থা। কিডনী ৰোগীক ডাইয়েলাইছিছ চিকিৎসা বিনামূলীয়াকৈ দিয়া হ'ব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত জনায়।

এটা কেন্দ্ৰত ৬ তা কৈ ডাইয়েলাইছিছ মেচিন থাকিব। ইয়াৰে ৫ টা সাধনাৰ ৰোগীৰ বাবে আৰু এটা HIV ৰোগীৰ কাৰণে উপলব্ধ হ'ব । এটা মেচিনত প্ৰতিদিনে ৩ জনকৈ মুঠ ৫ টা মেচিনত ১৫ জনকৈ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিব পাৰিব।

নলবাৰীৰ পাছত প্ৰথম পৰ্যায়ত ১৫ জুনত দৰং জিলাৰ মঙ্গলদৈ অসামৰিক চিকিৎসালয়, ১৬ জুনত শোণিতপুৰ জিলাৰ কনকলতা অসামৰিক চিকিৎসালয় , ১৭ জুনত তেজপুৰ মেডিকেল কলেজ, ১৮ জুনত তিনিচুকীয়া জিলাৰ LGB অসামৰিক চিকিৎসালয়, ১৯ জুনত মৰিগাঁও অসামৰিক চিকিৎসালয়, ২০ জুনত ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ আৰু বঙাইগাঁও জিলা চিকিৎসালয় ত এই চিকিৎসা ব্যৱস্থা আৰম্ভ হ'ব।

দ্বিতীয় পৰ্যায়ত অৰ্থাৎ তিনি মাহৰ ভিতৰত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় , শিৱসাগৰ অসামৰিক চিকিৎসালয়, উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, ধেমাজি অসামৰিক চিকিৎসালয়, ডিফু অসামৰিক চিকিৎসালয়, ধুবুৰী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয় কিডনী ৰোগীক ডাইয়েলাইছিছ চিকিৎসা ব্যৱস্থা আৰম্ভ হ'ব বুলি প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে।

তৃতীয় পৰ্য্যায়ত যোৰহাট মেডিকেল কলেজ, কৰিমগঞ্জ আৰু গোলাঘাট অসামৰিক চিকিৎসালয় ত এই ব্যবস্থা প্ৰৱৰ্তন কৰা হ'ব বুলি সংবাদমেলত মন্ত্ৰী গৰাকীয়ে জনায়।

২০১৯ চনত এই ব্যৱস্থা বাস্তৱত ৰূপায়ণ কৰিবলৈ স্বাস্থ্য বিভাগে এপ'ল হস্পিতালৰ লগত চুক্তি স্বাক্ষৰ কৰে বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।প্ৰত্যেক কেন্দ্ৰতে একোজন কৈ এপ'ল হস্পিতালৰ অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰিব। চিকিৎসাৰ বাবদ হোৱা ব্যয়ৰ ৯০% কেন্দ্ৰীয় চৰকাৰে আৰু ১০% ৰাজ্য চৰকাৰে বহন কৰিব। এই চিকিৎসাৰ বাবদ চৰকাৰী চিকিৎসালয়ত দুই হাজাৰৰ পৰা তিনি হাজাৰ পৰ্যন্ত ব্যয় হয়। এই ব্যৱস্থাটো NHM ৰ তত্বাৱধানত পৰিচালিত হ'ব । আৰু ২০১৬-১৭ বাজেটত অন্তৰ্ভুক্ত আছিলে এই আঁচনিখন । আচনি খন শীঘ্ৰেই বাস্তৱত ৰূপায়ণ কৰা হব বুলি প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি