Begin typing your search above and press return to search.

কোচ ৰাজবংশী লোক সকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী

কোচ ৰাজবংশী লোক সকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2019 12:25 PM GMT

কোচ ৰাজবংশী লোক সকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী । কোচ ৰাজবংশী জাতীয় অভিৱৰ্তন ( kosh rajbanshi national convention ) এ তিনি লাখ কোচ ৰাজবংশী লোকৰ নাম চৰ্তহীন ভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী কৰে। তেওঁলোকৰ মতে এই তিনি লাখ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰিছে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা ।

কোচ ৰাজবংশী জাতীয় অভিৱৰ্তনৰ সভাপতি বিশ্বজিৎ ৰয়ে বৃহস্পতিবাৰে বঙাইগাঁওত অনুষ্ঠিত হোৱা এক সংবাদ মেলত তিনি লাখ কোচ ৰাজবংশী লোকৰ নাম চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নথকাৰ কথা উল্লেখ কৰে ।

লগতে বিশ্বজিৎ ৰয়ে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা লোক সকল থলুৱা জনসাধাৰণ বুলি কয় , আৰু এই তিনি লাখ থলুৱা জনসাধাৰনক অতিশীঘ্ৰেই আৰু চৰ্তহীন ভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী কৰে কোচ ৰাজবংশী ৰাষ্ট্ৰীয় সন্মিলনৰ সভাপতি বিশ্বজিৎ ৰয়ে ।

তাৰোপৰি সভাপতি গৰাকীয়ে সদৌ কোচ ৰাজবংশী ছাত্ৰ সংঘ ( All Koch rajbanshi student Union ) , কোচ ৰাজবংশী সন্মিলন ( Koch rajbanshi sanmilan ) , আৰু কোচ ৰাজবংশী যুৱ মঞ্জ ( Koch rajbanshi youth forum ) ক একত্ৰিত হৈ কোচ ৰাজবংশী জনসাধাৰণৰ হকে কাম কৰিবলৈ আহ্বান জনায় । লগতে কোচ ৰাজবংশীৰ অনুসূচিত জনজাতিৰ লোক সকলৰ বাবে আন্দোলন গঢ়ি তুলিব বুলি কয় কোচ ৰাজবংশী জাতীয় অভিৱৰ্তনৰ সভাপতি বিশ্বজিৎ ৰয়ে ।

অধিক খবৰৰ বাবে পঢ়ক:ৰে’ল অৱৰোধ কৰিবলৈ গৈ আৰক্ষীৰ সৈতে হতাহতি কোচ-ৰাজবংশী সংগঠনৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Golaghat Police raid at a residence in Tirual Gaon near Furkating | The Sentinel News | Assam News

Next Story
চাকৰি