Begin typing your search above and press return to search.

৮০ শতাংশ আসন সংৰক্ষণ কৰিবলৈ দাবী কোচ ৰাজবংশী জাতীয় অভিৱৰ্তনৰ

৮০ শতাংশ আসন সংৰক্ষণ কৰিবলৈ দাবী কোচ ৰাজবংশী জাতীয় অভিৱৰ্তনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2019 4:52 AM GMT

৮০ শতাংশ আসন সংৰক্ষণ কৰিবলৈ দাবী কোচ ৰাজবংশী জাতীয় অভিৱৰ্তনৰ ( kosh rajbanshi national convention )। লোকসভা,অসম বিভান সভা,পঞ্চায়ত আৰু নগৰ সমিতিৰ নিৰ্বাচনত ৰাজ্যৰ স্বদেশী লোকসকলৰ কাৰণে ৮০ শতাংশ আসন সংৰক্ষণ কৰিবলৈ দাবী কৰিছে কোচ ৰাজবংশী জাতীয় অভিৱৰ্তন ৷

দ্য ছেন্টিনেলৰ লগত হোৱা এক কথা বাৰ্তাত কেআৰএনচিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰয়ে কয় যে চূৰান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তিনি লাখতকৈ অধিক কোচ ৰাজবংশীৰ নাম সন্নিবিষ্ট হোৱা নাই । গতিকে সেই লোকসকলক কোনো ধৰণৰ চৰ্ত অবিহনে নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান কৰে ৷

ইতিমধ্যে আমি অসম চুক্তিৰ ষষ্ঠ অনুসুচীৰ উচ্চ স্তৰীয় সমিতিৰ অধ্যক্ষক সাক্ষাৎ কৰোঁ ৷লগতে তেওঁক অৱগত কৰাও যে ষষ্ঠ অনুসূচী বাস্তৱায়িত কৰাৰ প্ৰাকমুহুৰ্তত ৰাজ্যৰ স্বদেশী লোকসকলৰ কাৰণে লোকসভা,অসম বিভানসভা,পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৮০ শতাংশ আসন সংৰক্ষণ কৰিব লাগে ।আনহাতে ছয় জনজাতিক জনজাতিকৰণ কৰাৰ কাৰণে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সভাপতিত্ব কৰা উপ সমিতিয়ে কেন্দ্ৰীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব লাগে।

অধিক খবৰৰ বাবে পঢ়ক:ৰে’ল অৱৰোধ কৰিবলৈ গৈ আৰক্ষীৰ সৈতে হতাহতি কোচ-ৰাজবংশী সংগঠনৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Golaghat Police raid at a residence in Tirual Gaon near Furkating | The Sentinel News | Assam News

Next Story
চাকৰি