Begin typing your search above and press return to search.

ৰাজ্যত তদন্তকাৰী বিষয়াৰ তদন্তত গাফিলতি

ৰাজ্যত তদন্তকাৰী বিষয়াৰ তদন্তত গাফিলতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2019 5:49 AM GMT

ৰাজ্যত বিভিন্ন আৰক্ষী থানাত কিছুসংখ্যক বিষয়াৰ গাফিলতিৰ কাৰণে বহু লোক ন্যায়ৰ পৰা বঞ্চিত হৈ আছে ৷ যিকোনো এটা ঘটনা তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত তদন্তৰ বিষয়া অথবা থানাৰ অধীক্ষকসকলৰ চাৰ্জচীট আদালতত দিয়াটো জৰুৰী ৷ কাৰণ চাৰ্জচীটোআদালতত দিলেহে অভিযুক্ত সকলৰ পৰীক্ষা আৰম্ভ হয় ৷কিন্তু ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাৰ বহু বিষয়াই তদন্ত শেষ হোৱাৰ পিছত কেছ ডায়েৰী আৰু চাৰ্জচীট আদালতত নিদিয়ে।

গতিকে এইয়া কোনো নতুন কথা নহয়। কিন্তু কেছ দায়ৰীৰ অবিহনে আদালতত কোনো অভিযুক্তৰ বিৰুদ্ধে শুনানি আৰম্ভ কৰিব পৰা নাযায়। আদালতত কেচ দায়ৰীৰ প্ৰতিবেদন দাখিল নকৰা থানাৰ বিষয়া অথবা তদন্তকাৰী বিষয়াৰ প্ৰসংগটো নতুন নহয় ৷এনে ধৰণৰ বিষয়া সকলক জেষ্ঠ্য বিষয়াসকলৰ পৰা কেচ দায়েৰী প্ৰস্তুত কৰাত গাফিলতিৰ কাৰণে প্ৰায়ে ন’টিচ আহে৷ কিন্তু এইবাৰ যোৰহাটৰ এচ পি বৈভৱ নিমবালকাৰে এনেধৰণে কেচ দায়েৰী আদালত দাখিল কৰিছে ৷

এচ পি বৈভৱ নিমবালকাৰৰ নিৰ্দেশত ১৪ জন তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে কেছ দায়েৰী দাখিল নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।সম্প্ৰতি আৰক্ষী বিষয়াসকলৰ তদন্ত প্ৰক্ৰিয়া চলি আছে ৷গতিকে এই পদক্ষেপে ৰাজ্যৰ অন্যান্য আৰক্ষী থানাৰ বিষয়াসকলক কেচ দায়েৰীৰ ক্ষেত্ৰত এটি শিক্ষা দিব ৷

ইফালে কেতিয়াবা কিছুমান ঘটনাত অভিযুক্ত সকলক সুৰক্ষা দিবৰ কাৰণে তেওঁলোকৰ কেচ ডায়েৰী নষ্ট কৰি দিয়া হয়। এজন উচ্চ পদস্থ বিষয়াৰ অনুসৰি তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত বিষয়টোৰ চাৰ্জচীট আদালতত প্ৰস্তুত কৰা বিষয়াসকলৰ দায়িত্ব ৷অৱশ্য কেতিয়াবা আমি তদন্ত সম্পূৰ্ণ হোৱা ছমাহৰ পিছতো কেছ ডায়েৰী জমা কৰে ৷ কিন্তু যোৰহাটৰ বিষয়া জনৰ পদক্ষেপৰ পিছত সকলোৱে সঠিক সময়ত কাম কৰিব ৷

আনহাতে এক বিশেষ সূত্ৰৰ মতে তদন্তকাৰী এক বিশেষ বিষয়াই অভিযুক্ত সকলৰ লগত থকা মিলা মিছাঁৰ কাৰণে কেছ ডায়েৰী আদালতত জমা নকৰে। যাতে অভিযুক্তসকলক আদালতৰ পৰা সুৰক্ষিত কৰিব পৰা যায়।

অধিক খবৰৰ বাবে পঢ়ক: গুৱাহাটী আৰ জি বৰুৱা ৰোডত হোৱা বিস্ফোৰণৰ সন্দৰ্ভত তদন্তকাৰীৰ প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:Religious procession by Sikh community people arrives in Biswanath Chariali

Next Story
চাকৰি