চৰকাৰী যানবাহানৰ অভাৱে চক্ৰ বিষয়া সকলক সমস্যাত পেলাইছে

চৰকাৰী যানবাহানৰ অভাৱে চক্ৰ বিষয়া সকলক সমস্যাত পেলাইছে
Published on

ৰাজ্যৰ চৰকাৰী বিষয়া সকলে বিভিন্ন কাৰ্যালয়ৰ কামৰ লগতে জন কল্যান মুলক আচনিৰ সমূহৰ কামত বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰিব লগা হয় । কিন্তু চৰকাৰী যানবাহানৰ অভাৱত যাত্ৰা কৰাটো এক সমস্যা কাৰন হৈ পৰিছে । ১০ বছৰৰ আগতে এখন বলেৰোত ১৫৪ জন চক্ৰ বিষয়াক কঢ়িয়াই নিছিল । কিন্তু এই বাহন সমুহৰ প্ৰায় খিনি বাহনে অচল হৈ পৰিছে । এই ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ কৰিব নোৱাৰিলে ।ইন্ধন আৰু চালকৰো কোনো ব্যবস্থা নাই বুলি প্ৰকাশ কৰে।

চক্ৰ বিষয়া সকলে এই সমস্যাৰ সমাধানৰ দাবী উত্থাপন কৰিছে । বৰ্তমান সময়ত ক্ষিপ্ৰ যাতায়াত অতি গুগুৰুত্বপূৰ্ণ হৈ পৰিছে । চক্ৰ বিষয়া সকল জিলা উপায়ুক্তৰ পাছতে গুৰুত্বপূৰ্ণ পদত আছে কিন্তু বিষয়া সকলে চৰকাৰী বাহনৰ অভাৱত ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব লগা হয়।

ভূমি পৰিদৰ্শনকে ধৰি বিভিন্ন কাৰ্যালয়ৰ কাম, আইন আৰু নিৰ্দেশ সম্বন্ধীয় নিৰাপত্তা সম্পৰ্কীয় কাম, প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী , উন্নয়নৰ সম্পৰ্কীয় কামত বিভিন্ন অঞ্চল যাত্ৰা কৰিব লগীয়া হয় চক্ৰ বিষয়া সকল ।

এন আৰ চিৰ লগতে লোকসভা নিৰ্বাচনৰ সময়তে চক্ৰ বিষয়া সকলে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লগা হয় । এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত যানবাহানৰ ক্ষেত্ৰত চক্ৰ বিষয়া সকলে কিছূ সকাহ লাভ কৰিছে যদিও ই ক্ষন স্থায়ী ।

ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এগৰাকী বিষয়ায়ে প্ৰকাশ কৰে যে , ' বিভাগটোৱে চক্ৰ বিষয়া সকলৰ বাবে নতুন বাহন যোগান ধৰিব । এই সম্পৰ্কত কাম কৰি থকা হৈছে । ইতিমধ্যে ১১ কোটি টকাৰ প্ৰস্তাৱ বিত্ত বিভাগলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে।

ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই প্ৰকাশ কৰে যে, " এই বিষয়টো আমি গুৰুত্ব সহকাৰে লৈছো । বিত্ত বিভাগে অনুমোদন জনালে চক্ৰ বিষয়া সকলৰ বাবে নতুন বাহন যোগান ধৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com