Begin typing your search above and press return to search.

লখিমপুৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী,দাহ কৰিলে সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃৰ্তি

লখিমপুৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী,দাহ কৰিলে সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃৰ্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2020 7:45 AM GMT

লখিমপুৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী,দাহ কৰিলে সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃৰ্তি।ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ । বুধবাৰে নলবাৰী জিলাৰ আছু আৰু অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ সদস্যক সেনা আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিবাদত লখিমপুৰ জিলাৰ আছু গোটে চৰকাৰৰ বিৰুদ্ধে শক্তিশালী প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে নলবাৰী জিলাত সৰ্বানন্দ সোনোৱালক সৰ্থেবাৰীৰ নক্ষত্ৰ আশ্ৰমলৈ গৈ থকা অৱস্থাত কলা পতাকা দেখুওৱাৰ বাবে আৰক্ষী আৰু চি আৰ পি এফ য়ে বৰ্বৰৰোচিত ভাৱে নলবাৰীৰ আছু কৰ্মীক প্ৰহাৰ কৰে ।

উক্ত ঘটনাটোত আৰক্ষী আৰু চি আৰ পি এফ জোৱানৰ আক্ৰমনক লখিমপুৰৰ আছু গোটৰ সদস্যই তীব্ৰ গৰিহনা দিয়ে আৰু ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । লখিমপুৰ জিলাৰ আছু গোটৰ সাধাৰন সম্পাদক ধনমনি দত্তৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে বৃহস্পতিবাৰে লখিমপুৰ বালিকা উচচ মাধ্যমিক বিদ্যালয়ৰ চাৰিআলিত সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বিষয়টো সন্দৰ্ভত ধনমনী দত্তই মন্তব্য কৰে যে চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শান্তিপূণভাবে প্ৰতিবাদ কৰা লোকৰ ওপৰতো দমনমুলক নীতি গ্ৰহন কৰিছে । চৰকাৰে নলবাৰীত আছু সদস্যৰ প্ৰতিবাদক লাঠীছালনাৰে দমন কৰাৰ চেষ্টা কৰিলে। আমি এই ঘটনাটোক তীব্ৰভাবে গৰিহনা দিছো । আমি চৰকাৰক পুনৰবাৰ সকীয়নী দিছোঁ যে এই জাতিধংশী আইনখন আমি কোনো কাৰণতে গ্ৰহন নকৰো আৰু ইয়াৰ বিৰুদ্ধে আমি অবিৰতভাবে প্ৰতিবাদ অব্যাহত ৰাখিম।

উত্তৰ লখিমপুৰৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল গগৈ আৰু সাধাৰন সম্পাদক প্ৰণবজ্যোতি বৰগোঢ়াইয়েও নলবাৰী ঘটনা সন্দভত ৰাজ্য চৰকাৰক কটাক্ষ কৰে । প্ৰতিবাদকাৰীয়ে সোনোৱাল বিৰোধী শ্ল'গান দি চৰকাৰক সকিয়নী দিয়ে যাতে চৰকাৰে অহিংসাৰে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলক যাতে অত্যাচাৰ নকৰে । অন্যহাতে ,নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত লখিমপুৰ জিলাৰ আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত শুকুৰবাৰে সমগ্ৰ জিলাখনতে সন্ধিয়াভাগত টৰ্চ লাইটেৰে প্ৰতিবাদী সমদল উলিওৱা হব বুলিও জানিব দিয়ে।

অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটী ক্লাৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম আইন ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch | Nalbari Boy pulls four wheeler vehicle with teeth

Next Story
চাকৰি