"মাদ্ৰাছা " শিক্ষাৰ ক্ষেত্ৰত কিছু আধুনিকীকৰণ কেন্দ্ৰৰ

"মাদ্ৰাছা " শিক্ষাৰ ক্ষেত্ৰত কিছু আধুনিকীকৰণ কেন্দ্ৰৰ

মোদীৰ চৰকাৰে মাদ্ৰাছা শিক্ষা ব্যৱস্থাত কিছুমান ব্যবস্থাত সাল সলনি কৰিছে । মাদ্ৰাছা শিক্ষাত আধুনিকীকৰণ কৰাৰ লগতে আনুষ্ঠানিক শিক্ষাৰ লগত সংযোগ কৰা হব বুলি প্ৰকাশ কৰিছে ।

জুলাই মাহৰ পৰা অনানুষ্ঠানিক শিক্ষা প্ৰতিষ্ঠান সমূহৰ শিক্ষক সকলক প্ৰশিক্ষণ দিয়া হব বুলি প্ৰকাশ কৰে সংখ্যা লঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাভকিয়ে । মংগলবাৰে এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে ।

সংখ্যা লঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাভকিয়ে প্ৰকাশ কৰে যে সাম্প্ৰদায়িকতা ৰোধ কৰিবলৈ মোডী চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ দেশতে এক সুস্থ বাতাবৰণ গঢ় তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

অন্তয়োদয়া ভৱনত অনুষ্ঠিত মৌলানা আজাৰ শিক্ষা পৰিষদৰ ১১২ সংখ্যক গভৰনিঙ বদী আৰু ৬৫ সংখ্যাক জেনেৰেল বদীৰ বৈঠকত অংশগ্ৰহন কৰি সংখ্যা লঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাভকি য়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ খন কৃতিত্বৰ চৰকাৰ, ন্যায়ৰ চৰকাৰ আৰু অখণ্ডতাৰ চৰকাৰ। " সকলোৰে উন্নয়ন আৰু সকলোৱে বিশ্বাস "ত এইখন চৰকাৰৰ প্ৰতিজ্ঞাবদ্ধ ।

মুখতাৰ আব্বাছ নাভকিয়ে কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালী সকলক যিসকলে বিদ্যালয় এৰি দিছিল সেই সকলকো পুনৰ শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে । দেশৰ প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব । লগতে মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে এই ক্ষেত্ৰত শিক্ষক সকলৰ প্ৰশিক্ষণ আৰম্ভ হব জুলাই মাহৰ পৰা ।

সংখ্যালঘু সকলৰ সামাজিক-অৰ্থনৈতিক-শিক্ষাগত শক্তি বৃদ্ধি কৰাৰ লগতে বিশেষকৈ ছোৱালীৰ কাৰণে 3E অৰ্থাৎ শিক্ষা ( Education) , নিয়োগ( Employment) আৰু ক্ষমতা ( empowerment) ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে । মেট্ৰিকৰ পূৰ্বে , মেট্ৰিকৰ পাছত আৰু মেধাৰ ওপৰত ভিত্তি কৰি ৫ বছৰত ৫ কোটি ব্যয় কৰিব । যত ৫০ শতাংশ কেৱল ছোৱালীৰ বাবে ।

অৰ্থনৈতিক ভাৱে দুৰ্বল সকলৰ বাবে অহা ৫ বছৰত বেগম হজৰত মাহাল ছোৱালী স্কলাৰশ্বিপ ১০ লাখ যুৱতীয়ে লাভ কৰিব ।

নাভকিয়ে কয় যে , "প্ৰধানমন্ত্ৰী জ্ঞান বিকাশ কাৰ্যক্ষম " ৰ অধিনত বিদ্যালয় , কলেজ, আই টি আই, পলিটেকনিক, ছাত্ৰীৰ আবাস , গুৰুকুল সদৃশ বিদ্যালয়, কমন চাৰ্ভিচ চেন্টাৰ উন্নয়ন কৰা হব ।

সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালী সকলক শিক্ষা গ্ৰহণ কৰিবলৈ পঠিওৱাৰ বাবে "পঢ়া-বঢ়া" সজাগতা সভা আয়োজন কৰিছে সমগ্ৰ দেশতে । যুৱতী সকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই ব্যৱস্হা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী আব্বাছ নাভকিয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com