Begin typing your search above and press return to search.

সামৰিক মৰ্য্যদাৰে শেষকৃত সম্পন্ন শ্বহীদ নীৰজ চেট্টীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 8:38 AM GMT

ঝাৰখণ্ডৰ দুমকাত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা নীৰজ চেট্টীক আজি সামৰিক মৰ্য্যদাৰে শেষকৃত সম্পন্ন কৰা হয়। আজি স্বগৃহলৈ বীৰ শ্বহীদ নীৰজ চেট্টীৰ নশ্বৰ দেহ অনা হয়। স্বগৃহলৈ অনাৰ পাছতে এক অভাবনীয় পৰিষ্ঠিতিৰ সৃষ্টি হয় । তাৰ পাছতে ৰাজ্যৰ সামৰিক মৰ্য্যদাৰে শেষকৃত সম্পন্ন কৰা হয়।

দেওবাৰে ঝাৰখণ্ডৰ দুমকাত সংঘটিত আক্ৰমণত ৩৫ নং বেটেলিয়ানৰ এচ এচ বি জোৱান নিৰাজ চেট্টী শ্বহীদ হৈছিল ।বিশ্বনাথ জিলাৰ হালেম আৰক্ষী থানাৰ অন্তৰ্গত কাৰিবিল নেপালী গাঁওৰ নিবাসী টিকা বাহাদুৰ চেট্টীৰ পুত্ৰ আছিল নিৰাজ চেট্টী। ২০১৪ চনত নিৰাজ চেট্টীয়ে এচ এচ বিত যোগদান কৰিছিল । এই ভয়াবহ আক্ৰমণত আন ৪ জন জোৱান গুৰুত্বৰ ভাৱে আহত হৈছে ।

শ্বহীদ নীৰজ চেট্টীৰ পৰিয়াললৈ অসম চৰকাৰে ২০ লাখ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে নীৰজ চেট্টীৰ সাহসিকতাত সমগ্ৰ দেশে গৌৰব অনুভব কৰিছে। দেশৰ কাৰণে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছে । তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি