Begin typing your search above and press return to search.

কুকিল কন্ঠী লতা মংগেশকাৰ অসুস্হ, পূৰ্বতকৈ স্বাস্থ্যৰ কিছু উন্নতি

কুকিল কন্ঠী লতা মংগেশকাৰ অসুস্হ, পূৰ্বতকৈ স্বাস্থ্যৰ কিছু উন্নতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Nov 2019 10:00 AM GMT

কুকিল কন্ঠী লতা মংগেশকাৰ অসুস্হ, পূৰ্বতকৈ স্বাস্থ্যৰ কিছু উন্নতি । ভাৰত জনপ্ৰিয় শিল্পী লতা মংগেশকাৰৰ শ্বাস প্ৰশ্বাসজনিত কাৰণত স্বাস্থ্যৰ‌ অৱনতি ঘটাৰ বাবে নিশা প্ৰায় ১.৩০ মান বজাত মুম্বাইৰ ব্ৰীচ কেণ্ডী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ডাঃ ফাৰুক উদয়াদিয়াই কুকিল কণ্ঠী গায়িকাগৰাকীৰ চিকিৎসা চলাই আছে।বাৰ্ধক্যজনিত কাৰণতে শিল্পী গৰাকী অসুস্থ হৈ পৰে বুলি জনায় চিকিৎসকে ।‌

বৰ্তমান কন্ঠশিল্পী গৰাকীৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱা বুলি জানিব পৰা গৈছে যদিও বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে লতা মংগেশকাৰ । গায়িকা গৰাকীৰ পৰিয়ালে জানিব দিয়া অনুসৰি বৰ্তমান সুস্থ অৱস্থাত আছে লতা মংগেশকাৰ ।

লতা মংগেশকাৰৰ ভগ্নী উষা মংগেশকাৰে সাংবাদিকক জনায় যে লতা মংগেশকাৰ শ্বাস প্ৰশ্বাসজনিত আৰু ভাইৰেল ইনফেকশ্যনত আক্ৰান্ত হৈছিল আৰু মঙ্গলবাৰে তেওঁক ঘৰলৈ লৈ যোৱা হ'ব ।

উল্লেখযোগ্য যে ভাৰতৰ সন্মানীয় নেপথ্য কণ্ঠশিল্পী গৰাকীয়ে ৩৬ টাতকৈ অধিক ভাৰতীয় ভাষাত গীত গাই সংগীত জগতলৈ মহৎ অৱদান আগবঢ়াইছে। তদুপৰি শিল্পী গৰাকীয়ে প্ৰায় ১০০০ হিন্দী চলচ্চিত্ৰত কন্ঠদান‌ কৰিছে ।

‘ভাৰত ৰত্ন’, পদ্মবিভূষণ , ‘দাদাচাহেব ফাল্কে’ বঁটা প্ৰাপক শিল্পী লতা মংগেশকাৰৰ বয়স হৈছে বৰ্তমান ৯০ বছৰ৷ দেশৰ সংগীত জগতত গায়িকাগৰাকীৰ বৰঙণি অবিস্মৰণীয় হৈ আছে৷

অন্য খবৰৰ বাবে পঢ়ক: উৰিষ্যাৰ এখন গাঁৱত অচিনাক্ত ৰোগত আক্ৰান্ত হৈ ২ সপ্তাহত মৃত্যু‌ ৬ জন শিশুৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Broad daylight Robbery in Digboi, Rs 1 5 lakh looted

Next Story
চাকৰি