ভগ্নী ৰংগোলীৰ সমৰ্থনত আপত্তিজনক ভিডিঅ’ প্ৰচাৰঃ কংগনাৰ বিৰুদ্ধে অধিবক্তাৰ গোচৰ

ভগ্নী ৰংগোলীৰ সমৰ্থনত আপত্তিজনক ভিডিঅ’ প্ৰচাৰঃ কংগনাৰ বিৰুদ্ধে অধিবক্তাৰ গোচৰ
Published on: 

ভগ্নী ৰংগোলীৰ সমৰ্থনত আপত্তিজনক ভিডিঅ’ প্ৰচাৰঃ কংগনাৰ বিৰুদ্ধে অধিবক্তাৰ গোচৰ

এটা বিশেষ লোকক সম্প্ৰদায়ক সন্ত্ৰাসবাদী আখ্যা দি ছ’চিয়েল মিডিয়াত এটা আপত্তিজনক ভিডিঅ আপলোড কৰি বিতৰ্কলৈ আহিল মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱট। ক’ৰ’না মহামাৰীৰ সংহাৰৰ মাজতে অভিনেত্ৰীগৰাকীয়ে সূত্ৰপাত ঘটোৱা এই বিতৰ্কই বহুতকে স্তম্ভিত কৰাৰ সময়তে কংগনাৰ বিৰুদ্ধে এজন অধিবক্তাই গোচৰ ৰুজু কৰিছে। আছিফ আলী খান দেশমুখ নামৰ এই অধিবক্তাজনে মহাৰাষ্ট্ৰৰ আম্বলী আৰক্ষী থানাত যোৱা বুধবাৰে গোচৰ ৰুজু কৰে। অভিযোগ অনুসৰি কংগনাৰ অভিনেত্ৰী ভগ্নী ৰংগোলী চান্দেলে অলপতে টুইটাৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত ঘৃণা বিয়পাব পৰা মন্তব্য কৰে। ইয়াক লৈ বিতৰ্ক সৃষ্টিৰ সময়তে টুইটাৰ কৰ্তৃপক্ষই ৰংগোলীৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়ে। তাৰ পাছতে ভগ্নী ৰংগোলীক উদ্ধাৰৰ চেষ্টা চলাই কংগনাই এই আপত্তিজনক ভিডিঅ প্ৰচাৰ কৰে। সম্প্ৰতি এই ভিডিঅক লৈ তেওঁ আইনী জটিলতাত সোমাই পৰিছে। অৱশ্যে অধিবক্তাজনে গোচৰ ৰুজু কৰা সম্পৰ্কত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com