সাম্প্ৰতিক অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিৰোধী নেতা দেবব্ৰত শইকীয়াৰ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ

সাম্প্ৰতিক অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিৰোধী নেতা দেবব্ৰত শইকীয়াৰ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ  সোনোৱাললৈ

বিৰোধী নেতা দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এখন পত্ৰৰ জৰিয়তে সাম্প্ৰতিক অসমৰ পৰিস্থিতি সম্পৰ্কে কেন্দ্ৰক অৱগত কৰিবলৈ আহ্বান কৰে ৷ বিৰোধী নেতা দেবব্ৰত শইকীয়াই সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ২০১৪-১৫ বৰ্ষৰ পৰা এক দীঘলীয়া সাহাৰ্য্য দিবৰ কাৰণে কেন্দ্ৰ লগত যোগাযোগ কৰিবৰ কাৰণে আহ্বান কৰে।

এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি বিগত বৰ্ষত অসমৰ বানৰ কাৰণে ২০১৪ বৰ্ষৰ পিছৰ পৰা ৰাজ্য চৰকাৰ সাহাৰ্য্যৰ বাহিৰে , কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো সহায় লাভ কৰা নাই ৷ইফালে বিৰোধী নেতা দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ লিখা পত্ৰত উল্লেখ আছে যে কেন্দ্ৰীয় চৰকাৰে ২০১৪-১৫ বৰ্ষত অসমলৈ এটকাও মোকলাই দিয়া নাই ৷ ইয়াৰ বিপৰীতে বিভিন্ন ৰাজ্যলৈ কোটি টকা মোকলাই দিছে।

ইফালে চলিত বৰ্ষত ৰাজ্যত বানৰ তাণ্ডৱৰ সময়তে ১৫ জন লোকৰ প্ৰাণ বানপানীয়ে কঢ়িয়াই নিছে ৷ ইয়াৰ লগতে কংগ্ৰেছৰ নেতাজনে কয় যে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ আধাৰত ২০১৪-১৫ ত অসমলৈ আৱন্টিত কৰা ধনৰ পৰিমাণ মন কৰিব লগীয়া ৷২০১৫-১৬ আৱন্টিত ৪৬০ কোটি টকাৰ ভিতৰত কেৱল ৪২৫ কোটি টকা মোকলাই দিছিল ৷

ইয়াৰ পিছৰ বৰ্ষত আৱন্টিত ৫৮৩ কোটি টকাৰ ভিতৰত কেৱল ৪০০ কোটি টকা মোকলাই দিছে ।২০১৭-১৮ বৰ্ষত আৱন্টিত ৫০৭ কোটিৰ ভিতৰত ৪০০'কোটি টকা মোকলাই দিছিল ৷এই মন্তব্য দেৱব্ৰত শইকীয়াৰ। লগতে শইকীয়াই কয় যে ৰাজ্য চৰকাৰক ২০১১৯-২০ বৰ্ষত ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ আধাৰত আৱন্টিত ৫৫৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰ দিবলৈ আহ্বান কৰিবলৈ কয় ৷

আনহাতে বিৰোধী নেতা দেবব্ৰত শইকীয়া কেন্দ্ৰৰ পৰা এটি বিশেষ দলক বানে কৰা ক্ষতিৰ সমীক্ষা কৰিবৰ কাৰণে আহ্বান কৰে ৷আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সোনোৱালক পদক্ষেপ ল’বলৈ কয়। লগতে কেন্দ্ৰৰ পৰা পঠিওৱা এই বিশেষ দলক আগমণৰ প্ৰাকমূহুৰ্তত অসমৰ কাৰণে এক বিশেষ অনুদান দিবৰ কাৰণে আহ্বান কৰিবলৈ কয় মুখ্যমন্ত্ৰী সোনোৱালক। এই সন্দৰ্ভত দেবব্ৰত শইকীয়াই বানপানীৰ ক্ষেত্ৰত দিয়া সাহাৰ্যৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সোনোৱালক সম্পৰ্ক কৰিবলৈ কয় ।

লগতে মুখ্যমন্ত্ৰী সোনোৱালে বিগত বৰ্ষত বানপানীৰ সন্দৰ্ভত কেন্দ্ৰৰ পৰা ২৩০০ কোটি টকাৰ সাহাৰ্য বিছাৰিল যদিও এতিয়ালৈকে অসমে সেই বৃহৎ পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম নহ’ল ৷ইফালে কেন্দ্ৰৰ পৰা আকৌ সেই বৃহৎ পৰিমাণৰ ধন বিছাৰে, যাতে সম্প্ৰতি বানে সৃষ্টি কৰা পৰিস্থিতিৰ লগত মোকামিলা কৰিব পাৰে ৷ আনহাতে মনৰেগা আঁচনিৰ অধীনত অধিক ধনৰ দাবী কৰে ৷যাতে বানত ক্ষতিগ্ৰস্ত হোৱা পথসমূহৰ পুনৰ মেৰামতি কৰিব পাৰে ।লগতে বানে প্ৰভাৱিত কৰা অঞ্চলসমূহত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিলৈও অধিক ধনৰ আৱশ্যকতাৰ কথাও উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com