Begin typing your search above and press return to search.

সচাঁকৈয়ে এওঁৰ ওচৰত মোৰ হৃদয় আছেঃ অৰ্জুন কাপুৰ

সচাঁকৈয়ে এওঁৰ ওচৰত মোৰ হৃদয় আছেঃ অৰ্জুন কাপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jun 2019 9:23 AM GMT

বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু অভিনেত্ৰী মলাইকা আৰোৰা সম্প্ৰতি নিউয়ৰ্কত আছে। গতিকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন ফটো অনুৰাগীলৈ আগবঢ়াইছে অৰ্জুন আৰু মলাইকা আৰোৰাই ৷ আৰু এই ফটোসমূহৰ জৰিয়তে ইজনে সিজনৰ প্ৰতি মৰম দেখুৱাইছে ৷ সদ্যহতে অৰ্জুন কাপুৰে ইনষ্টাগ্ৰামত মলাইকা আৰোৰাৰ এখন ফটো শ্বেয়াৰ কৰিছে ৷ আৰু কেপশ্যনত লিখিছে যে সচাঁকৈয়ে এওঁৰ ওচৰত মোৰ দিল আছে। আৰু মলাইকাই ফটো খনত দিল আকাৰৰ এটি বেগেৰে নিজৰ মুখ ঢাকি আছে।

https://www.instagram.com/p/BzRE5nRBMAQ/

ইয়াৰ উপৰিও মলাইকা আৰোৰাইয়ো বহুত ফটো ইনষ্টাগ্ৰামত দিছে ৷য’ত মলাইকাক বহু আনন্দিত হৈ থকা দেখিবলৈ পোৱা গৈছে ৷উল্লেখ্য যে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাই প্ৰথমবাৰৰ কাৰণে নিজৰ সম্পৰ্কক সকলোৰে আগত স্বীকাৰ কৰিছে ৷ ইনষ্টাগ্ৰামত মলাইকা আৰোৰাই অৰ্জুন কাপুৰৰ লগত ফটো শ্বেয়াৰ কৰিছে ৷

অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰা দীৰ্ঘ সময় ধৰি প্ৰেমৰ সম্পৰ্কত আছে । যদিও দুয়োজনে কেতিয়াও এই সম্পৰ্কটোক অনুৰাগীৰ ওচৰত স্বীকাৰ কৰা নাছিল। কিন্তু এক সাক্ষাৎকাৰত অৰ্জুন কাপুৰে কয় যে সংবাদ মাধ্যম আৰু অনুৰাগীৰ পৰা পোৱা সন্মানে তেওঁলোকৰ সম্পৰ্কটোক স্বীকাৰ কৰাৰ কাৰণে সিদ্ধান্ত কৰে ।

উল্লেখ্য যে আৰবাজ খানৰ লগত হোৱা বিবাহ বিচ্চেদৰ পিছতে মলাইকাই এটি সাক্ষাৎকাৰত কৈছিল যে মৰম পুনৰ লাভ কৰিছে ৷মলাইকাৰ মন্তব্য অনুসৰি সকলোৱে জীৱনত আগবাঢ়ি যাব বিচাৰে। সকলোৱে মৰম ভালপোৱা বিচাৰে ৷ গতিকে এনেদৰে যদি কাৰোবাৰ পৰা মৰম ভালপোৱা লাভ কৰে ৷তেন্তে সেইজন অতি ভাগ্যৱান ৷

বিগত কিছুদিনৰ পৰা বি টাউনত অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰা বিবাহৰ প্ৰসংগই প্ৰাধান্য পাইছে ৷দুয়োজন ষ্টাৰৰ প্ৰেমে সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু শেহতীয়াকৈ প্ৰেমৰ প্ৰসংগৰ চৰ্চা লাভ কৰাৰ পিছত চৰ্চা লাভ কৰে বিবাহে ৷ মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ বিবাহস্থলী,দুয়োজনে লগ কৰাৰ বিভিন্ন ঠাইয়ে অনুৰাগীসকলক বাৰুকৈয়ে উৎসুক কৰি তোলে।

প্ৰথমতে ওলোৱা এক খবৰ অনুসৰি অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাই ১৯ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ’ব ৷ কিন্তু এই খবৰ নসাৎ হোৱাৰ পিছত দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাই জুনত বিবাহ পাশত আৱদ্ধ হোৱা খবৰ আহি পৰিছে ৷ এই সন্দৰ্ভে অৰ্জুন কাপুৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে মই সম্প্ৰতি বিয়াৰ কথা ভবা নাই ৷

অধিক খবৰৰ বাবে পঢ়ক: এইবাৰ “কফী উইথ কৰণত” অৰ্জুন কাপুৰ আৰু জাহ্নৱী কাপুৰ: কিন্তু জাহ্নৱীৰ বিষয়ে কি ক’লে অৰ্জুনে?

Next Story
চাকৰি