অহা ১৫ আগষ্টত উন্মোচন হব এল এম চি এছ :হিমন্ত বিশ্ব শৰ্মা।

অহা ১৫ আগষ্টত উন্মোচন হব এল এম চি এছ :হিমন্ত বিশ্ব শৰ্মা।অহা ১৫ আগষ্টত উন্মোচন হব এল এম চি এছ : হিমন্ত বিশ্ব শৰ্মা।
লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখন আগন্তুক ২০২০ বৰ্ষৰ ১৫আগষ্ট তাৰিখে উন্মোচন কৰা হব। ইয়াৰ পিছতেই চিকিৎসা প্ৰতিষ্ঠানটো ৰাজ্যখনৰ সমগ্ৰ উত্তৰ অসমকে সামৰি ছাত্ৰীসকলৰ বাবে সহায়ক হব।দেওবাৰে লক্ষীমপুৰত এই মন্তব্য আগবঢ়াই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয় আৰু বিনামূলীয়া দাইলিছিছ কেন্দ্ৰ জিলাখনত উন্মোচনৰ সময়ত এক ৰাজহুৱা সভাত ৰাইজ ক উদ্দেশ্য এই মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে। সেই অনুষ্ঠানতে মন্ত্ৰী গৰাকীয়ে এন এইছ এম আঁচনিৰ অধীনত ১০০ বিচনাযুক্ত মাতৃ আৰু শিশুৰ বাবে এক হাস্পতাল আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় দাইলিছিছ আঁচনিৰ অধীনত এক বিনামূলীয়া দাইলিছিছ কেন্দ্ৰ কৰে।কেন্দ্ৰ টো উন্মোচন কৰে উত্তৰ লক্ষীমপুৰৰ চাৱতী স্থিত চৰকাৰী চিকিৎসালয় চৌহদত।
অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰটোৱে দৰিদ্ৰ পৰিয়ালৰ ৰোগী সকলক বহু সকাহ দিব। এপল' হাস্পাতালৰ এক বিশেষজ্ঞ দলে দাইলিছিছ কেন্দ্ৰ টো চোৱা চিতা কৰিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।একেখন সভাতে মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে ৰাজ্যৰ স্বাস্থ্য বিভাগে লখিমপুৰ চৰকাৰী চিকিৎসালয়ত ইতিমধ্যে এক কেঞ্চাৰ সেৱা চিকিৎসালয় স্থাপন কৰিছে।চিকিৎসালখনৰ নিৰ্মাণত ইতিমধ্যে লাগি পৰিছে নির্মাণকাৰী প্ৰতিষ্ঠান লাৰ্চন আৰু টাৰব ।১৮মাহৰ ভিতৰতে চিকিৎসালয় খনৰ নিৰ্মান সম্পূৰ্ণ হব।দুৰাৰোগ্য ৰোগ বিধৰ চিকিৎসাত প্ৰয়োজনীয় প্ৰতিবিধ চিকিৎসাই চিকিৎসালয় খনত উপলবদ্ধ থাকিব বুলি জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত নিজ ভাষণত হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম আগবঢ়াৰ লগতে চিকিৎসাৰ ক্ষেত্ৰতো সাধাৰণ ৰাইজক উপকৃত কৰিব পৰাকৈ বিভিন্ন আঁচনি বিজেপি চৰকাৰে লৈছে তথা কাৰ্যকৰী কৰিছে।বিগত তিনিটা বর্ষত এই উন্নয়ন বিজেপি চৰকাখনে সম্ভৱ কৰি তুলিছে।এইয়া সম্ভৱ হৈছে কাৰন ৰাজ্যৰ জনসাধাৰণে প্ৰগতি আৰু উন্নয়নৰ পক্ষত থিয় হৈছে। আনহাতে ৰাজ্যত বৰ্তমান অব্যাহত থকা শান্তিপূৰ্ণ বাতাবৰণৰ বাবেও এয়া সম্ভৱ হৈছে বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই