আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত স্থানীয় মানৱ সৰবৰাহকাৰীৰ সম্পৰ্কৰ তথ্য ফাদিল

আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত স্থানীয় মানৱ সৰবৰাহকাৰীৰ সম্পৰ্কৰ তথ্য ফাদিল

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত মানৱ সৰবৰাহৰ প্ৰধান লক্ষ্য হৈ পৰিছে অসমৰ বিভিন্ন অঞ্চল ৷ এই বিষয়টোত জৰিত ব্যক্তিসকলে এই ক্ষেত্ৰখনক আগবঢ়াই নিবৰ কাৰণে বহু নতুন নতুন দিশ ব্যৱহাৰ কৰিছে ৷ছ’চিয়েল মিডিয়াৰ জৰিয়তে তথা আকৰ্ষণীয় চাকৰিৰ প্ৰলোভনেৰে আৰ্থিক ভাৱে পিছ পৰা লোকসকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰে এই ক্ষেত্ৰখনৰ লগত জৰিত লোকসকলে ৷ আৰু এই লোকসকলৰ ভিতৰত অধিকাংশই মহিলা আৰু সৰু ল’ৰা ছোৱালী ৷

লগতে এনেধৰণৰ মানব সৰবৰাহ কৰা ক্ষেত্ৰত ২০ বছৰতকৈ কম বয়সৰ যুৱতীসকলক ব্যৱহাৰ কৰে ৷এই বিশেষ সূত্ৰৰ মতে ৰাজ্যৰ শোনিতপুৰ,লখীমপুৰ, মৰিগাওঁ,কোকৰাঝাৰ, ধুবুৰী আৰু কাৰ্বি আংলং এই জিলা কেইখন এই ক্ষেত্ৰত আটাইতকৈ সংবেদনশীল জিলা ৷এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মানব সৰবৰাহৰ এই বৃহৎ চক্ৰৰ অৰুণাচলৰ ওপৰিও হাৰিয়ানা,ৰাজস্থান,দিল্লী,শিলিগুৰি আৰু কেৰেলাৰ সহিতে এক আন্তঃৰাষ্ট্ৰীয় লিংক আছে ৷

লগতে মহিলা আৰু শিশুসকলক নেপাল,শ্ৰীলংকা আৰু ডুবাইৰ দৰে অন্যান্য দেশ সমূহলৈও সৰবৰাহ কৰা হয়। ২০১৫ চনত এনে ধৰণৰ ঘটনা পঞ্জীকৃত হৈছিল প্ৰায় ১৪৯০ টা ঘটনা ৷কিন্তু বিগত সময়ত ইয়াৰ সূচী সীমিত হয়। অৱশ্যে কিছুমান ঘটনা এতিয়াও পঞ্জীকৃত হোৱা নাই। ২০১৬ চনত আৰক্ষীয়ে ৯১ টা কেছ দাখিল কৰিছিল ৷

২০১৭ চনত ১৭৫ টা ৷২০১৮ চনত ২৩৮ টা আৰু চলিত বৰ্ষৰ জুনলৈকে ৮৭ টা কেচ দাখিল হয়। আনহাতে ২০১৩ চনৰ পৰা ২০১৮ চনলৈকে শোনিত পুৰ জিলাত ৯৫ টা কেছ দাখিল হৈছিল ৷য’ত কেৱল মহিলা অন্তৰ্ভূক্ত হৈ আছিল ৷ ইয়াৰ পিছত লক্ষীমপুৰত ৫৬ টা বিষয়,মৰিগাঁওত ৫৪ টা আৰু কোকৰাঝাৰত ৪৬ টা কেছ দাখিল হয় ৷ উল্লেখ্য যে এই ক্ষেত্ৰত পুৰুষসকলক যিকোনো কাম কৰিবলৈ দিয়াৰ উপৰিও মহিলা সকলক বিবাহ,দেহ ব্যৱসায় আৰু ঘৰুৱা কামত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Leopard caged in Naharani Megha Tea Estate

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com