ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ (সংশোধনি) বিধেয়ক লোকসভাত গৃহীত

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ (সংশোধনি) বিধেয়ক লোকসভাত গৃহীত

সোমবাৰে লোকসভাত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সংশোধনি বিধেয়ক ২০১৯ (National Investigation Agency (Amendment) Bill, 2019 ) গৃহীত কৰা হয়। এই বিধেয়কে সংস্থা টোক ভাৰতৰ লগত জড়িত সন্ত্ৰাসবাদ মূলক গোচৰ সমূহ ভাৰতৰ লগতে বিদেশটো অনুসন্ধানৰ অনুমতি দিয়ে।লোকসভাত ২৭৮ সদস্যয়ে সমৰ্থন কৰে , ৬ জনে বিৰোধিতা কৰে এই বিধেয়ক খনৰ ।

এই বিধেয়ক খন ৰাজ্যসভাত উত্থাপন কৰাৰ পিছত ৰাষ্ট্ৰীপতিৰ অনুমোদনৰ বাবে পঠিওৱা হব । এই বিধেয়কৰ খন গৃহ মন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰাৰ পিছত বিৰোধীৰ বহুতো উদ্বেগৰ উত্তৰ দিয়াৰ পাছত লোকসভাত গৃহীত হয়।

সম্ভাব্য সন্ত্ৰাসবাদ আইনৰ অপব্যৱহাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল বিৰোধীয়ে । বিৰোধীৰ এই প্ৰশ্ন সমূহৰ উত্তৰ অমিত শ্বাহে প্ৰদান কৰিছিল । এই সংশোধনি বিল খনে সন্ত্ৰাসবাদ মষিমূৰ কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে ।

লগতে প্ৰকাশ কৰে যে এই সন্ত্ৰাসবাদ বিৰোধী বিধেয়ক খনে সন্ত্ৰাসবাদীৰ জাতি ধৰ্ম নাচাই , কেৱল এই আইনৰ যোগেদি সন্ত্ৰাস মূলক কাৰ্যকলাপৰ বিৰুদ্ধে তদন্তত সহায় কৰিব ।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা সংশোধনি বিধেয়ক ২০১৯ য়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুসন্ধান লাভ কৰিব আৰু তালিকাভুক্ত অপৰাধৰ সমস্যা সমূহ সমাধান কৰিব ।

২০০৮ চনত মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (National Investigation agency) স্থাপন কৰা হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com