টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনঃ অসম-ভাৰতলৈ গৌৰৱ কঢ়িয়ালে লাভলিনাই

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনঃ অসম-ভাৰতলৈ গৌৰৱ কঢ়িয়ালে লাভলিনাই
Published on

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনঃ অসম-ভাৰতলৈ গৌৰৱ কঢ়িয়ালে লাভলিনাই

অসম তথা সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি আগন্তক টকিঅ’ (জাপান) অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে অসম কন্যা লাভলিনা বৰগোহাঁইযে। এ্ই অলিম্পিকৰ যোগ্যতা বাছনিৰূপে জৰ্দানৰ আম্মানত অনুষ্ঠিত এছিয়ান/ওচেনিয়ান অলিম্পিয়ান কোৱালিফায়াৰ্ছত তেওঁ জয়লাভ কৰি এই বাছনি লাভ কৰিছে। দেওবাৰে ভাৰতীয় ক্ৰীড়া প্ৰতিভাগৰাকীয়ে স্বভাৱসুলভ উজ্জীৱিত প্ৰদৰ্শন কৰি উজবেকিস্তানৰ মাফটুৱাকন মেলেয়িয়েভাক পৰাস্ত কৰে। ৬৪-৬৯ কিলোগ্ৰাম শাখাত অসমৰ বক্সাৰগৰাকীয়ে উজবেকী ক্ৰীড়া প্ৰতিভাগৰাকীক পৰাজিত কৰে। প্ৰত্যাশা অনুসৰি এই বাছনিত লাভলিনাই ৰিঙত উন্নত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। তেওঁৰ সন্মুখত কোনো প্ৰত্যাহাবানেই সৃষ্টি কৰিবলৈ সক্ষম নহ’ল ২২ বছৰীয়া মেলেয়িয়েভাই।

উচ্চতাৰ সুযোগ লৈ প্ৰতিদ্বন্দ্বীগৰাকীক লাভলিনাই বিমোৰত পেলাই ধৰাশায়ী কৰে। বিশেষকৈ দ্বিতীয় ৰাউণ্ড সম্পূৰ্ণৰূপে একপক্ষীয় হৈ পৰে। এই ৰাউণ্ডত ভাৰতীয় খেলুৱৈগৰাকীয়ে ৪-১ৰ ব্যৱধানত জয়লাভ কৰে। মেলেয়িয়েভাক নক-আউটৰ প্ৰয়োজন হৈছিল যদিও তেওঁৰ সকলো কৌশল ব্যৰ্থ কৰে ভাৰতীয় তৰুণীগৰাকীয়ে। স্বাভাৱিকতে লাভনিলাৰ এই কৃতিত্বই অসম তথা ভাৰতবাসীক গৌৰাৱান্বিত কৰি তুলিছে।উল্লেখ্য যে শেহতীয়া একাধিক আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিযোগিতাত লাভলিনাই ধাৰাবাহিকভাবে উন্নত ফল প্ৰদৰ্শন কৰি আহিছে। উল্লখ্যে যে লাভলিনাৰ পূৰ্বে বক্সাৰ শিৱ থাপাই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। তেওঁৰ বহু বছৰ পূৰ্বে অলিম্পিক খেলাৰ যোগ্যতা অৰ্জন কৰিছিল বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্যই। সেই অনুসৰি লাভলিনা হৈছে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ৰাজ্যৰ তৃতীয়গৰাকী ক্ৰীড়া প্ৰতিভা।

ভিডিঅ প্ৰতক্ষ্য কৰক: NDFB-S General Secretary B R Ferenga likely to join UPPL party soon

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com