Begin typing your search above and press return to search.

আন্তঃৰাষ্ট্ৰীয় উৰণ : ১ জুলাইৰ পৰা গুৱাহাটীৰ- ঢাকালৈ বিমান সেৱা আৰম্ভ হব

আন্তঃৰাষ্ট্ৰীয় উৰণ : ১ জুলাইৰ পৰা গুৱাহাটীৰ- ঢাকালৈ বিমান সেৱা আৰম্ভ হব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2019 10:42 AM GMT

বৰঝাৰৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ঢাকালৈ ১ জুলাইৰ পৰা বিমান সেৱা আৰম্ভ হব । উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিৰ অধিনত আৰম্ভ হব এই বিমান সেৱা । দ্বিতীয়খন বিমান সেৱা আৰম্ভ হব বেংককলৈ ।

ৰাজ্যিক পৰিবহন তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে দেওবাৰে প্ৰকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ এই আচনিৰ অধিনত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অন্তভূক্ত কৰিবলৈ অসম চৰকাৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰীক আবেদন কৰিছিল । অন্তভূক্ত হোৱাৰ পাছত অসম চৰকাৰক বিমানবন্দৰটোৰ উন্নয়নৰ বাবে ১০০ কোটি আবন্টন দিয়া হৈছিল ।

পাটোৱাৰীয়ে লগতে কয় যে বৰঝাৰ বিমানবন্দৰ পৰা দক্ষিণ পশ্চিম এছিয়া আৰু বি বি এন ( বাংলাদেশ , ভূটান, নেপাল)লৈ আৰম্ভ হব লগা বিমান সেৱায়ে ব্যবসায়, বানিজ্যি , সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত উন্নয়নত যথেষ্ট সহায় কৰিব । ৰাজ্য চৰকাৰৰ অধিক অঞ্চল অন্তৰ্গত কৰিছে এই আচনিৰ অধিনত বুলিও প্ৰকাশ কৰে চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

পৰ্যটন আৰু উদ্যোগৰ বিনিয়োগৰ উন্নয়নৰ ক্ষেত্ৰত এই আচনিখনৰ ওপৰত অধিক গুৰুত্ব দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো দক্ষিণ-পশ্চিম এছিয়াৰ এটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে । অসম চৰকাৰে ইতিমধ্যে এই প্ৰস্তাৱৰ আগবঢ়াইছে ।

উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিৰ অধিনত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাংলাদেশৰ ঢাকা, থাইলেণ্ডৰ বেংককৰ লগতে নেপালৰ কাঠমাণ্ডু, ম্যানমাৰৰ য়ানগন, ছিংগাপুৰ, মালায়েচিয়াৰ কুৱালা লুমপুৰলৈ আৰম্ভ হব বিমান সেৱা ।

উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিৰ অধিনত কেন্দ্ৰীয় মন্ত্ৰালয়ে ভাৰতৰ ৰাজ্য সমুহৰ লগতে আৰু আন্তঃৰাষ্ট্ৰীয় লক্ষ্য সমূহৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান দিয়ে । উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিয়ে প্ৰত্যেক চাবচিটি ঢাকালৈ ২,৩৭০ , কাঠমাণ্ডুলৈ ২,৭১০ , বেংককলৈ ৪,৪০০ , য়নগনলৈ ৪,৭৭০ আৰু কুৱালা লুমপুৰলৈ ৭,৩৫০ আৰু ছিংগাপুৰলৈ ৭,৮৮০ টকা ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি