বিদ্যালয়সমূহৰ বেগৰ ক্ষেত্ৰত দিয়া দিছপুৰৰ নীতি নিৰ্দেশনাক উপেক্ষা কিছু সংখ্যক বিদ্যালয়ৰ

বিদ্যালয়সমূহৰ বেগৰ ক্ষেত্ৰত দিয়া দিছপুৰৰ  নীতি নিৰ্দেশনাক উপেক্ষা কিছু সংখ্যক বিদ্যালয়ৰ

বিদ্যালয়সমূহৰ বেগৰ ক্ষেত্ৰত ব্যক্তিগত বিদ্যালয়সমূহে দিছপুৰে দিয়া নীতি নিৰ্দেশনাক উলংঘণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৩১ মে’ৰ ভিতৰত বিদ্যালয়ৰ বেগসমূহৰ ওজন হ্ৰাস কৰাৰ কৰাৰ নিৰ্দেশ দিছিল। অৱশ্যে সকলো বিদ্যালয়ে নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত চৰকাৰৰ দিশ নিৰ্দেশক বাস্তৱায়িত কৰিবলৈ নিৰ্দেশ দিছিল, যদিও অধিকাংশ বিদ্যালয়ত এতিয়াও বিদ্যালয়সমূহৰ বেগৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

শিক্ষা বিভাগৰ এক বিশেষ সূত্ৰৰ মত অনুসৰি কেৱল কিছু সংখ্যক বিদ্যালয়েহে আংশিকভাৱে নিৰ্দেশনাসমূহ বাস্তৱায়িত কৰিছে। মহানগৰৰ ইংৰাজী মাধ্যমৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষই এই সন্দৰ্ভত কয় যে ছাত্ৰ ছাত্ৰসকলৰ অভিভাৱকৰ লগত এই সন্দৰ্ভত আলোচনা কৰি পদক্ষেপ হাতত লৈছে। কিছুসংখ্যক নিৰ্দেশনাক ব্যৱহাৰিক ৰূপত পালন কৰিবলৈ অসুবিধা হয় ।

ৰাজ্যিক আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰিসৰ বিশাল ৷গতিকে বিদ্যালয়ৰ বেগসমূহৰ ওজন বৃদ্ধি হোৱাতো স্বাভাৱিক ৷ অৱশ্যে অধ্যক্ষ গৰাকীয়ে চৰকাৰৰ দিশ নিৰ্দেশনাসমূহ বাস্তৱায়িত হোৱা সময়ৰ সম্পৰ্কে মন্তব্য কৰাৰ পৰা বিৰত থাকে। ইফালে ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ দ্বাৰা বিগত বৰ্ষত এক অধিসূচনা জাৰি কৰিছিল ৷সেই অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে প্ৰায় ১.৫ কেজি,তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ কাৰণে ২ৰ পৰা ৩ কেজি,ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীৰ ভিতৰত ৪ কেজি , অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ৪.৫ কেজি, দশম শ্ৰেণীত ৫ কেজি ৷ এই নীতি নিৰ্দেশনাৰ ওপৰিও অধিসূচনা উল্লেখ আছিল যে কোনো বিশেষ দিনত ছাত্ৰ ছাত্ৰীয়ে কিতাপ আৰু ন’টবুক বিদ্যালয়লৈ আনিবৰ কাৰণে প্ৰথমতেই জনাব লাগিব বিদ্যালয়ৰ কৰ্মকৰ্তাসকলে ৷

অধিসূচনাখনত লগতে উল্লেখ আছিল যে ছাত্ৰ ছাত্ৰীসকলে সময় অনুসৰি পাঠ্য পুঁথি নিব। আৰু ছাত্ৰ ছাত্ৰী সকলৰ ওজন বৃদ্ধি হোৱা বেগ কঢ়িয়াই, হোৱা স্বাস্থ্যজনিত অপকাৰ সন্দৰ্ভত শিক্ষক আৰু অভিভাৱক সক্ৰিয় হ’ব ৷ ছাত্ৰ ছাত্ৰীসকলে দৈনিক প্ৰয়োজনীয় পাঠ্যপুথিহে বিদ্যালয়লৈ কঢ়িয়াই নিব লাগে। কাৰণ অনাৱশ্যক পাঠ্যপুথিয়ে বিদ্যালয়ৰ বেগৰ ওজন বৃদ্ধি কৰে ।বিদ্যালয়সমূহত বেগসমূহৰ ওজন যাতে বৃদ্ধি নহয় তাৰ কাৰণে নিয়মিত ভাৱে বিদ্যালয়ৰ বেগসমূহক নিৰীক্ষণ কৰিব লাগে ৷ইফালে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিদ্যালয়সমূহৰ এই বিষয়টোক কেনেদৰে লয় সেয়া লক্ষ্যনীয় হ’ব অনাগত দিনত ।

ইফালে বিগত সময়ত কণ কণ শিশুৰ ওপৰত স্কুল বেগ তথা হোম ৱৰ্কৰ বোজা হ্ৰাস কৰিবলৈ কেন্দ্ৰৰ বিশেষ সিদ্ধান্ত কৰিছিল মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ৷ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি,কেন্দ্ৰই ধাৰ্য কৰা অনুসৰিহে বিষয়সমূহ কণ কণ ছাত্ৰ ছাত্ৰীসকলক দিব বিদ্যালয়সমূহে ৷ লগতে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কোনো হোম ৱৰ্ক বা ঘৰুৱা কাম দিব নোৱাৰিব বিদ্যালয়সমূহে ৷ গণিত আৰু ভাষা বিষয়ক পাঠ্যপুথিৰ বাহিৰে অন্য কোনো পাঠ্য পুথি দিব নোৱাৰিব ৷ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চশ্ৰেণীলৈকে NCERT অৰ্থাৎ National Council Of Educational Research And Trainingৰ দ্বাৰা প্ৰস্তুত কৰা ভাষা,গণিত আৰু পৰিবেশ বিজ্ঞানৰ পাঠ্য পুথিহে শিশুসকলক দিব পাৰিব বিদ্যালয়সমূহে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com