Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকত অংশগ্ৰহন নকৰে মমতা বেনাৰ্জীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকত অংশগ্ৰহন নকৰে মমতা বেনাৰ্জীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2019 8:41 AM GMT

বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকৰ আহ্বান কৰিছে ।এই বৈঠকৰ মুল বিষয়বস্তু হৈছে , " এক দেশ, এক নিৰ্বাচন" ৰ ওপৰত আলোচনা কৰা। এই বৈঠকত দেশৰ সকলো ৰাজনৈতিক দলৰ মুখ্য সকলক উপস্থিত থাকিবলৈ প্ৰকাশ কৰা হৈছে ।দেশৰ সকলো ৰাজনৈতিক দলৰ লগতে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জুচীয়ে এই বৈঠক খনলৈ আনুষ্ঠানিক ভাৱে মমতা বেনাৰ্জীক আমন্ত্ৰণ জনাইছিল ।

মংগলবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰলৈ লিখিত ভাৱে জনাই যে "এক দেশ , এক নিৰ্বাচন" অতি সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ বিষয় । এই ক্ষেত্ৰত সোনকাল কৰিব নালাগে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জুচীলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জুচীয়ে এই বৈঠক খনলৈ আনুষ্ঠানিক ভাৱে মমতা বেনাৰ্জীক আমন্ত্ৰণ জনাইছিল । মমতা বেনাৰ্জীয়ে লগতে এই বিষয়ৰ ওপৰত সকলো দলৰ পৰা মতামত বিচাৰি এক পৰ্যাপ্ত সময় দিবলৈ জনাই।

মমতা বেনাৰ্জীয়ে লগতে উচ্চাকাংক্ষা জিলা" উন্নয়নতো বিৰোধিতা কৰে । লগতে তেওঁ যুক্তি দৰ্শায় যে প্ৰত্যেক জিলাতে সমান আৰু একে উন্নয়ন লাভ কৰাটো নিশ্চিত নহয় ।

" মই বৈঠকখনৰ এজেণ্ডা সমূহ লক্ষ্য কৰিছোঁ। ইয়াত, "এক দেশ, এক নিৰ্বাচন" ৰ দৰে সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ বিষয়ত যথেষ্ট কম সময় দিয়া হৈছে বুলি প্ৰকাশ কৰে । এই বিষয়টো সংবিধান বিশেষজ্ঞ, নিৰ্বাচন বিশেষজ্ঞ আৰু সকলো দলৰ সদস্য সকলৰ লগত আলোচনা কৰিব লাগে।

" তাৎক্ষনিক সিন্ধান্ত লোৱাৰ পৰিবৰ্তে মই সকলো ৰাজনৈতিক দলক যথেষ্ট সময় দি মতামত দিবৰ বাবে অনুৰোধ জনাইছো বুলি প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে ।বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ৰাজনৈতিক দলক বৈঠকত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাই ।

"এক দেশ , এক নিৰ্বাচন" বিষয়াৰ ওপৰত আলোচনা কৰিবলৈ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকৰ আহ্বান জনাই। মোদীয়ে সকলো ৰাজনৈতিক দলক এই বৈঠকলৈ আমন্ত্ৰণ জনাই আৰু তেওঁলোকৰ মতামতৰ জনাবৰ বাবে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০ জুনত সংসদৰ দুটা হাউচৰ সদস্য সকলৰ সৈতে বৈঠকত মিলিত হব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ ১৫০ সংখ্যাক জন্ম শতবাৰ্ষিকী কেনেদৰে পালন কৰা হব সেই সম্পৰ্কে আলোচনা কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক :নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত নাথাকে

Next Story
চাকৰি