Begin typing your search above and press return to search.

ফ্লৰিডাত সাগৰৰ পাৰত মাংস খোৱা বেক্টেৰিয়াৰৰ আক্ৰমণত মৃত্যু এজনৰ

ফ্লৰিডাত সাগৰৰ পাৰত মাংস খোৱা বেক্টেৰিয়াৰৰ আক্ৰমণত মৃত্যু এজনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2019 12:15 PM GMT

ফ্লৰিডাৰৰ এগৰাকী মহিলায়ে এক ভয়াবহ তথ্য প্ৰকাশ কৰিছে । ফেচবুকৰ জৰিয়তে মহিলা গৰাকীয়ে মাংস খোৱা বেক্টেৰিয়াৰৰ ফলত তেওঁৰ পিতৃৰ ৪৮ ঘন্টাৰ ভিতৰত মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰিছে । প্ৰথমতে ১২ বছৰীয়া কিশোৰী এগৰাকী মাংস খোৱা বেক্টেৰিয়াৰত আক্ৰান্ত হোৱাৰ পাছত ভৰি টো কাটি পেলাব লগা হৈছিল ।

ওইগোলে ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰা মতে তেওঁৰ দেউতাকে পানীত নমাৰ ১২ ঘন্টাৰ পাছত জ্বৰত আক্ৰান্ত হৈ পৰে । তাৰ পাছতে চিকিৎসকক দেখুৱাই । মাংস খোৱা বেক্টেৰিয়াৰৰ ফলত এই ৰোগত আক্ৰান্ত হৈ পৰে বুলি প্ৰকাশ কৰে চিকিৎসকে । তাৰ পাছত ৪৮ খন ভিতৰত মৃত্যু হয় বুলি প্ৰকাশ কৰে ।তেওঁ আৰু মাতৃয়ে চিকিৎসকক কয় যে, তেওঁলোকে বিচত ফুৰিবলৈ গৈছিল বুলি প্ৰকাশ কৰে । আৰু পানীত সাতুৰি অহাৰ পিছৰ পৰায়ে জ্বৰত আক্ৰান্ত হৈ পৰে । তাৰ পাছতে তেওঁৰ অবস্থা অতি শোচনীয় হৈ পৰে আৰু তেওঁক ICU ত ভৰ্তি কৰোৱা হয় । তাৰ পাছতে ৪৮ ঘন্টাৰ ভিতৰত বেক্টেৰিয়াই মাৰি পেলাই ব্যক্তি গৰাকীক ।

অন্য খবৰৰ বাবে পঢ়ক: ৰেলৰ বিৰুদ্ধে দূষিত পানী যোগানৰ অভিযোগ আনি হাইক’ৰ্টত আবেদন দাখিল চেণ্টাৰ ফৰ পাব্লিক ইন্টাৰেষ্ট লিটিগেচনৰ

Next Story
চাকৰি