গোলাঘাট জিলাত ক্ৰমাত বৃদ্ধি পাইছে হাতী -মানুহৰ সংঘাত

গোলাঘাট জিলাত ক্ৰমাত বৃদ্ধি পাইছে হাতী -মানুহৰ সংঘাত

শেহতীয়াকৈ বহু বছৰ ধৰি গোলাঘাট জিলাত ক্ৰমাত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলিগড় আৰু মৰাঙগি অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত।

খাদ্যৰ সন্ধানৰ লগতে , অৰন্য হ্ৰাস পোৱাৰ লগতে আন বিভিন্ন কাৰনত বন্যহস্তীয়ে জনবসতি পূৰ্ন অঞ্চললৈ নামি অহা পৰিলক্ষিত হয় ।নামবৰ অভয়াৰণ্যৰ থুৰামুখত বিভিন্ন সময়ত খাদ্যৰ সন্ধানত নিশা বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই । নামবৰ অভয়াৰণ্য কাষৰ অঞ্চলৰ লগতে ৪ নং ৰংবং , মোৰফুলনি আৰু বগীজান আদি অঞ্চল সমূহত সঘনে বন্যহস্তীৰ জাকে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, খেতি কৰাৰ সময়ত , বিশেষকৈ অক্টোবৰ পৰা জানুৱাৰীৰ ভিতৰত বন্যহস্তীয়ে খেতি পথাৰত খেতি নষ্ট কৰাতো এটা বৃহৎ সমস্যালৈ পৰিগণিত হৈছে । প্ৰত্যেক বছৰে বন্যহস্তীৰ জাকে খেতি নষ্ট কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ ফলত খেতিয়ক সকলে মুৰে কপালে হাত দিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এতিয়া খেতিয়ক সকলক খেতি পথাৰত ব্যস্ত । কিন্তু এতিয়াৰে পৰা বন্যহস্তীৰ সন্ত্ৰাসে চিন্তিত কৰি তুলিছে খেতিয়ক সকলক ।

বন সুৰক্ষা কৰ্মীৰ মতে , হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে ক্ৰমাৎ হ্ৰাস পোৱা বনাঞ্চল। নামবৰ - দৈগ্ৰোঙ সংৰক্ষিত বনাঞ্চলত অৰন্য হ্ৰাস হৈ পৰাৰ ফলত হাতী- মানুহৰ সংঘাত বৃদ্ধি পাইছে। মানুহেই বন ধ্বংস যজ্ঞত নামি পৰিছে । তাৰ ফলতে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে । আন এটা কাৰণ হৈছে বন্যহস্তীৰ কৰিডৰ সমূহ বন্ধ হৈ পৰিছে । গোলাঘাট - কাৰ্বি আংলং জিলাৰ সীমান্ত পাহাৰত শিল- ক্ৰেচাৰ বহুৱাৰ বাবে বন্যহস্তীৰ কৰিডৰ সমূহ বন্ধ হৈ পৰিছে । তাৰ পৰিপ্ৰেক্ষিতত বন্যহস্তীৰ জাক খাদ্য-পানীৰ সন্ধানত তললৈ নামি আহে আৰু খেতি পথাৰ বিনষ্ট কৰাৰ লগতে বহু লোকৰ ঘৰ-বাৰী ধ্বংস কৰে।

২০১৭ চনৰ গণনাৰ মতে সমগ্ৰ বিশ্বৰ ভিতৰত ৫৫ শতাংশ হাতী কেৱল ভাৰতে আছে । ২৭,৩১২ বন্যহস্তী আছে ভাৰতত । ১৯৮৬ চনৰ পৰা আই ইউ চি এনৰ ৰেড লিষ্টত প্ৰকাশ কৰা এছিয়ান হাতী ভাৰতৰ বিভিন্ন ঠাইত পোৱা গৈছে ।সকলোবোৰৰ ভিতৰত অসম দ্বিতীয় স্থানত আছে । প্ৰথম স্থানত আছে কৰ্ণাটক । ২০০২ চনত অসমত আছিল ৫,২৪৬ টা হাতী, তাৰ পৰিবৰ্তে বৃদ্ধি হৈ ২০১৭ চনত ৫,৭১৯ হয়গৈ ।

২০১৮-১৯ চনত বন্যহস্তীৰ জাকে ৭৫৪.৮৯ হেক্টৰ কৃষি ভূমি ধ্বংস কৰিছে বুলি তথ্যত প্ৰকাশ কৰিছে । ২০১৭-১৮ চনত ২৬০.৫৩ হেক্টৰ ভূমি ধ্বংস কৰে বন্যহস্তীয়ে । ২০১০ চনত ২৫ টা হস্তীৰ মৃত্যু হোৱাৰ পৰিবৰ্তে বৃদ্ধি হৈ ২০১৭ ত ৪৬ টা মৃত্যু হয়। ২০১৮ চনত ২৭ টা হাতীৰ মৃত্যু হয় । ২০১৮-১৯ চনৰ ভিতৰত প্ৰায় ২,০৩৪ ঘৰ ধ্বংস কৰে বন্যহস্তীয়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com