Begin typing your search above and press return to search.

ভয়ৰ বাবেই মহিলা হৈ জীৱন কটাবলৈ বাধ্য হ'ল পুৰুষ

ভয়ৰ বাবেই মহিলা হৈ জীৱন কটাবলৈ বাধ্য হল পুৰুষ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2019 11:32 AM GMT

ভয়ৰ বাবে পুৰুষ এজনে মহিলাৰ হৈ জীৱন কটাবলৈ বাধ্য হ'ল । মানুহৰ সকলোতকৈ ডাঙৰ ভয় হ'ল মৃত্যুৰ ভয় । ইয়াৰ পৰা পৰিত্ৰান পাবলৈ মানুহে যি কোনো কাম কৰিবলৈ সাজু হয় । এনেকুৱা ধৰণৰ এক কাহানী সংঘটিত হয় উত্তৰ প্ৰদেশৰ জলালপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জোনপুৰত । জলাল পুৰৰ বাসিন্দা ‌চিন্তা হৰণ চৌহানৰ লগত এনে এক ঘটনা সংঘটিত হয় যিয়ে সকলোকে আচৰিত কৰি তুলিছে।

চিন্তা হৰণ নামৰ লোক জনে বহু বছৰ ধৰি মহিলাৰ জীৱন নিৰ্বাহ কৰি আহিছে আনকি মহিলাৰ সাজ পোচাক, আ অলংকাৰ পিন্ধে । জানিব পৰা মতে মৃত্যুৰ ভয়ত চিন্তা হৰণে এনে কাম কৰিছিল । বিগত ৩০ বছৰ ধৰি লোক জনে মহিলা মানুহৰ জীৱন কটাই আছে ।কিন্তু চিন্তা হৰণৰ এনেকুৱা কাৰ্যৰ আৰৰ ঘটনা শুনি সকলোৱে আচৰিত হ'ব । দৰাচলতে চিন্তা হৰণ নামৰ ৬৬ বছৰীয়া লোক জনে‌ জনোৱা অনুসৰি এটা আত্মাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ ১৪ জন‌ লোকৰ মৃত্যু হৈছিল। এই দুখত চিন্তা হৰণ বহু খিনি ভাঙি পৰিছিল । চিন্তা হৰণে জনোৱা অনুসৰি তেওঁৰ পত্নী সদায় তেওঁৰ সপোনত আহি কান্দি থাকে ।

এনেদৰে ‌এদিন‌ সপোনত চিন্তা হৰণে নিজৰ পত্নীক পৰিয়ালৰ আন সদস্য সকলক এৰি দিবৰ বাবে আহ্বান জনাই । সেই সময়তে পত্নীয়ে তেওঁৰ দুখ বুজি তেওঁক এটা উপায় দিয়ে । উপায় অনুসৰি চিন্তা হৰণক আ-অলংকাৰ পিন্ধি নিজৰ লগত থাকিবলৈ দিয়ে । তাৰ বিনিময়ত চিন্তা হৰণৰ পৰিয়ালক এৰি দিব । যাৰ ফলত ৩০ বছৰ ধৰি চিন্তা হৰণে মহিলাৰ সাজ পোচাক পিন্ধি জীৱন যাপন কৰি আহিছে ।

অন্য খবৰৰ বাবে পঢ়ক:চকুত টেটু বনাই বিপদত পৰিলে এগৰাকী যুৱতী , তিনি সপ্তাহ ধৰি হ’ল অন্ধ

ভিডিঅ প্ৰতক্ষ্য কৰক:Majuli all set to witness Raas Mahotsav 2019 from day after tomorrow

Next Story
চাকৰি