মহানগৰীত গুলী চালনাৰ ঘটনা: এজন নিহত

মহানগৰীত গুলী চালনাৰ ঘটনা: এজন নিহত
Published on

গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছে এক গুলীয়াগুলীৰ ঘটনা ৷ পাঁচজনীয়া এটা দুৰ্বৃত্তৰ দলে শ্যাম সুন্দৰ ৰাতাৱা নামৰ লোকজনলৈ লক্ষ্য কৰি গুলী চালনা কৰে ।কুমাৰপাৰাৰ জগদাম্বা আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰী শ্যাম সুন্দৰ ৰাতাৱা ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীৰ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি পাঁচ জনীয়া দুৰ্বৃত্তৰ দলটো প্ৰায় ৪-৫ বজাত দোকানত প্ৰবেশ কৰে আৰু হিন্দীত প্ৰশ্ন কৰে যে শ্যাম সুন্দৰ কোন? যেতিয়া ব্যক্তিজনে নিজৰ পৰিচয় দিয়ে তেতিয়া পাঁচ জনীয়া দলটোৰ পৰা গুলী চালনা কৰে । গুলী শ্যাম সুন্দৰৰ সোঁ ফালৰ ডিঙিৰ ওচৰত লাগে। ইয়াৰ পিছত এটা বেগ এৰি থৈ দুৰ্বৃত্তৰ দল ঘটনা স্থলীৰ পৰা পলায়ন কৰে।

আনহাতে ৰাজস্থানৰ বাসিন্দা ৫৫ বছৰীয়া শ্যাম সুন্দৰ বহু বছৰৰ পৰা প্ৰতিষ্ঠানটোত কাম কৰি আছে । উল্লেখ্য যে সেই প্ৰতিষ্ঠানটোৰ গৰাকী হৈছে শ্যামলাল শৰ্মা ৷ আৰক্ষীয়ে কোৱা অনুসৰি দুৰ্বৃত্তৰ দলটোৱে ৰাতাৱাক শ্যামলাল বুলি জানিয়েই গুলী চালনা কৰিলে। সম্প্ৰতি আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Tinsukia Police conducts awareness meeting on Traffic at Commerce College

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com