Begin typing your search above and press return to search.

অৱশেষত মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ল পৰ্যটকৰ বাবে

অৱশেষত মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি হল পৰ্যটকৰ বাবে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2019 12:07 PM GMT

অৱশেষত মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ল পৰ্যটকৰ বাবে । অৱশেষত বুধবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ'ল । বি টি চি ( Bodoland territorial council ) ৰ জিলা মুখ্য কাৰ্যবাহী সদস্য ( deputy chief executive member ) খাঙপা বৰগয়াৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিক ভাৱে মুকলিৰ ঘোষণা কৰে । লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আৰু হাতীৰ সহায়ত সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰে ।

মানাহ ৰাষ্ট্ৰীয় উদ্যান খন বন্যপ্ৰাণী সপ্তাহত মুকলি কৰে । মানাহ ৰাষ্ট্ৰীয় উদ্যান খন ১৯৮৬ চনত ইউনিচক ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল । এই কাৰ্যসূচীত এক বৃহৎ শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয় । বিভিন্ন ৰঙী এই শোভাযাত্ৰাত হাতী , স্থানীয় লোক , বিভিন্ন সংগঠনৰ কৰ্মকৰ্তাকে ধৰি বিভিন্ন জন শিল্পীয়ে অংশগ্ৰহণ কৰে ।

বিশাল জনসভাত সম্বোধন কৰি খাঙপা বৰগয়াৰীয়ে কয় যে তেওঁ আশা কৰে চলিত বৰ্ষত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব ।বৰগয়াৰীয়ে কয় যে বি টি চি প্ৰশাসনে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক উদ্যান খনৰ উন্নতিৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে ।মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটক সকলৰ বাবে হাতী ভ্ৰমন আৰু জীপ গাড়ীৰে ভ্ৰমনৰ ব্যৱস্থা কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে খাম্ফা বৰগয়াৰীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Bishnupur Kali Mandir Sarbajanin Durga Puja

Next Story
চাকৰি