Begin typing your search above and press return to search.

গুৱাহাটী চাহ নিলাম বজাৰত ৰেকৰ্ড ভংগ কৰি এক কিলোগ্ৰাম চাহপাত ৫০,০০০ টকাত বিক্ৰী

গুৱাহাটী চাহ নিলাম বজাৰত ৰেকৰ্ড ভংগ কৰি এক কিলোগ্ৰাম চাহপাত ৫০,০০০ টকাত বিক্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 12:41 PM GMT

ৰেকৰ্ড ভংগ কৰি এক কিলোগ্ৰাম মনোহাৰী গ'ল্ড টি ৫০,০০০ টকাত বিক্ৰী । ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ। মঙলবাৰে নিলাম বজাৰত বাগিচাখনৰ প্ৰতি কিলোগ্ৰাম চাহৰ দৰ উঠিল ৫০ হাজাৰ টকালৈ। মঙলবাৰে পুৱা গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ৫০ হাজাৰ টকাত কিনিলে ১ কিলোগ্ৰাম চাহ।

গুৱাহাটীৰ সৌৰভ টি ট্ৰেডাৰচ প্ৰাইভেট লিমিটেডে গ'ল্ড টি ২ কিলোগ্ৰাম ক্ৰয় কৰে। বিশ্বৰ ভিতৰতে নিলাম কেন্দ্ৰ বিক্ৰী হোৱাৰ ভিতৰত ৫০,০০০ সৰ্বাধিক ।

৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত।ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টপূৰ্বেকা পৰ্যন্ত।

গুৱাহাটী চাহ নিলাম ক্ৰেতা সন্থাৰ সভাপতি দিনেশ বিহানিয়ে প্ৰকাশ কৰে যে, " গুৱাহাটী চাহ নিলাম বজাৰৰ বাবে ই এটা গৌৰবৰ বিষয়। এই কেন্দ্ৰটোৱে চাহ ব্যৱসায়ী সকলক তেওঁলোকৰ উন্নত মানদণ্ডৰ চাহ উচ্চ দামত বিক্ৰী কৰাৰ এটা সুযোগ প্ৰদান কৰা হৈছে । দেশজুৰি উন্নত মানদণ্ডৰ চাহৰ চাহিদা বৃদ্ধি পাইছে । এনে অগ্ৰগতিয়ে চাহ ব্যৱসায়ী সকলক নিশ্চিত ভাৱে উৎসাহিত কৰিব । উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰা , কেন্দ্ৰত নিলাম কৰাৰ সুবিধা প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে ।

গুৱাহাটী চাহ নিলাম বজাৰৰ আন এজন বিষয়ায়ে প্ৰকাশ কৰে যে, " বিশ্বৰ ভিতৰতে মনোহাৰী গ'ল্ড চাহ , নিলাম বজাৰত সৰ্বোচ্চ দামত বিক্ৰী হৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে ।

এই সন্দৰ্ভত মনোহাৰী চাহ বাগিছাৰ মালিক ৰঞ্জন লোহিয়ায়ে প্ৰকাশ কৰে যে, গ'ল্ড টি উৎপাদনৰ বাবে বতৰ এইবাৰ প্ৰতিকুল আছিল আৰু এই বছৰ মাত্ৰ ৫ কিলোগ্ৰামহে উৎপাদনৰ কৰিব পৰা হৈছে । " লগতে তেওঁ প্ৰকাশ কৰে যে, " বতৰৰ বাবে উৎপাদন ভাল হোৱা নাছিল বুলি প্ৰকাশ কৰে ।

অসমৰ চাহ উদ্যোগৰ বাবে নিশ্চিত ভাৱে সু-খবৰ । অসমৰ চাহ ব্যৱসায়ী সকলক ইয়ে যথেষ্ট উৎসাহিত কৰিব। পূৰ্বে ৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত।ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পৰ্যন্ত। এক কিলোগ্ৰাম মনোহাৰী গ'ল্ড টি ৫০,০০০ টকাত বিক্ৰী । ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ।

পূৰ্বে চাহ নিলামত অসমৰ ডিব্ৰুগড় জিলাৰ ৰাজন লোহিয়া মালিকাধীন মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গোল্ড চাহে কেজিত ৩৯,০০১ টকা সংগ্ৰহেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।২ কিলো মনোহাৰী চাহ ক্ৰয় কৰে সৌৰভ চাহ ট্ৰেডাৰচে।

অধিক খবৰৰ বাবে পঢ়ক: চাহ নিলামত কেজিত ৩৯,০০১ টকা সংগ্ৰহেৰে বিশ্ব অভিলেখ অসমৰ মনোহাৰী চাহৰ

Next Story
চাকৰি