তীব্ৰ জনশক্তিৰ প্ৰভাৱে ক্ৰিয়া কৰিছে খাদ্য সুৰক্ষা আয়োগ বিভাগক

তীব্ৰ জনশক্তিৰ প্ৰভাৱে ক্ৰিয়া কৰিছে খাদ্য সুৰক্ষা আয়োগ বিভাগক

ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগ খাদ্য সুৰক্ষা আয়োগৰ ওপৰত নিৰ্ভৰ শীল ৷কিন্তু ২০১৬ চনৰ পিছত ইয়াত জনশক্তি সীমিত হৈছে। ২০১৬ চনৰ ২৯ এপ্ৰিলত ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন (Food and drug administration)ক ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা বিভাগ তত্ত্বাৱধানত নিৰ্মাণ কৰিছিল ৷এই কাৰ্যালয়ত আয়ুক্ত,উপায়ুক্ত,যৌথ আয়ুক্তৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ স্বীকৃত প্ৰাপ্ত নাছিল ৷

২০১৭ চনত চৰকাৰে এটা প্ৰস্তাৱ দিছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ পোৱা নগ’ল ৷ খাদ্য সুৰক্ষা আয়ুক্তৰ ওচৰত দুটা ওইংচ থাকে ৷এই দুটা হৈছে লেবটৰী ওইংচ(Laboratory Wing and the Enforcement) আৰু এনফৰ্চমেন্ট ওইংচ ৷

দুয়োটা ওইংচ প্ৰথমতে স্বাস্থ্য সেৱাৰ ওচৰত আছিল। কিন্তু আয়ুক্তৰ এই ওইংচত এতিয়াও জন শক্তিৰ পৰিমাণ সীমিত ।খাদ্য সুৰক্ষাৰ এনফৰ্চমেন্ট ওইংচৰ ওচৰত সম্প্ৰতি ৮৯ টা স্বীকৃতি প্ৰাপ্ত পদ আছে যদিও ইয়াৰে ৪৫ টা পদ খালী আছে। গতিকে এই সন্দৰ্ভত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া হ’ব গুৰুত্ব পূৰ্ণ ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে জনতা ভৱনৰ এক সন্মিলনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কামক সমীক্ষা কৰে। লগতে বিভাগক শক্তিশালী কৰিবৰ কাৰণে আহ্বান কৰে ৷ ইফালে বিগত সময়ত পিয়াঁজৰ মূল্য বৃদ্ধি চৰকাৰ আৰু জনসাধাৰণৰ কাৰণে এক চিন্তাৰ বিষয় আছিল।

মুখ্যমন্ত্ৰী সোনোৱালে পাকঘৰৰ প্ৰতিটো বস্তুৰ মূল্য সীমিত কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আহ্বান কৰে ৷ ইফালে নেশ্যনেল এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিভ ফেডাৰেশ্বন অব ইণ্ডিয়া লিমিটেডৰ পৰা পিয়াঁজ ক্ৰয় কৰা আৰু বজাৰত পিয়াঁজৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ সম্পৰ্কতো সোনোৱালে নিৰ্দেশ দিয়ে ।

সোনোৱালে কয় যে এই সন্দৰ্ভত এক তদন্ত হ’ব লাগে ৷ মাহেকত ৰাজ্যখনত ৬০ হাজাৰ মেট্ৰিকটন পিয়াঁজৰ প্ৰয়োজন হয় আৰু এই চাহিদা পূৰ কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে উক্ত প্ৰতিষ্ঠানখনৰ পৰা পিয়াঁজ ক্ৰয় কৰিবলৈ আহ্বান জনায় ।ইফালে বৈঠকত ১০০ গৰাকী হিতাধিকাৰীক “আমাৰ দোকান” খোলাৰ ওপৰত প্ৰত্যেককে ১ লাখ টকা প্ৰদানৰ আঁচনিত অনুমোদন জনায় ।

আনহাতে ৰাজ্যৰ থকা ৩৮ হাজাৰতকৈ অধিক সুলভ মূল্যৰ দোকান থকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ৰাজ্যৰ জনসাধাৰণৰ অনুপাতে সুলভ মূলৰ দোকান পৰ্যাপ্ত হোৱা নাই ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com