Begin typing your search above and press return to search.

শ্বহীদ কুশল কোঁৱৰৰ পূন্য স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধোঞ্জলি অনুষ্ঠান

শ্বহীদ কুশল কোঁৱৰৰ পূন্য স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধোঞ্জলি অনুষ্ঠান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jun 2019 1:00 PM GMT

শ্বহীদ কুশল কোঁৱৰৰ পুন্য স্মৃতি দিৱসৰ উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে বীৰ শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এই অনুষ্ঠানতে।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহান শ্বহীদ কুশল কোঁৱৰৰ আজি পূন্য স্মৃতি দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গুৱাহাটীৰ পানবজাৰ নেহেৰু পাৰ্কত থকা শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি স্থলীত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকি ৰাজ্য চৰকাৰৰ শিক্ষা আইন আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্যই বিয়াল্লিশৰ গন আন্দোলনৰ মহান শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পন কৰি শ্বহীদ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷

কামৰূপ মহানগৰ জিলা উপাযুক্ত বিশ্বজিৎ পেগু,শ্বহীদ কুশল কোৱৰৰ বোৱাৰী যমুনা কোৱৰকে ধৰি শ্বহীদ পৰিয়ালটিৰ কেইবাগৰাকীও সদস্যৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া,কৰ্মচাৰী,আৰু ৰাইজে অনুষ্ঠানত শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পনেৰে শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য প্ৰকাশ কৰে যে স্বাধীনতা আন্দোলনত যিসকলে জীৱন ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেওঁলোকৰ ভিতৰত কুশল কোৱঁৰ অন্যতম আছিল । মহান শ্বহীদ গৰাকীৰ দেশপ্ৰেমি, ত্যাগ আৰু আত্ম বলীদানৰ আদৰ্শ অতুলনীয় । শ্বহীদ গৰাকীৰ বলীদানক গভীৰ ভাবে শ্ৰদ্ধা জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে ।

আজিৰ এই অনুষ্ঠানতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে ৰাজ্য চৰকাৰে প্ৰৱৰ্ত্তন কৰা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধিনত কামৰূপ মহানগৰ জিলাৰ এগৰাকী হিতাধিকাৰী চম্পা বাছফ'ৰক আনুষ্ঠানিক ভাৱে পেঞ্চনৰ অনুমোদন পত্ৰ প্ৰদান কৰে।

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদুৎ বিকাশ ভাগৱতীয়ে আঁত ধৰা আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰ, কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত ডঃ বিজয়া চৌধৰী আৰু জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কৃষ্ণা বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ কেইজনো বিষয়া উপস্থিত থাকে ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা ট্ৰাষ্টৰ সেৱিকা সকলে উপনিষদ আৰু গীতা, গিয়ানী গুৰুদ্বীপ সিঙে গ্ৰন্থ চাহেব, আচাৰ্য কোষেশ্বৰ গগৈয়ে পবিত্ৰ বাইবেল আৰু মঃ মইনুল হকে কোৰাণ পাঠ কৰে।

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদুৎ বিকাশ ভাগৱতীয়ে আঁত ধৰা আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে ৰাজ্য চৰকাৰে প্ৰৱৰ্ত্তন কৰা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধিনত কামৰূপ মহানগৰ জিলাৰ এগৰাকী হিতাধিকাৰী চম্পা বাছফ'ৰক আনুষ্ঠানিক ভাৱে পেঞ্চনৰ অনুমোদন পত্ৰ প্ৰদান কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শ্বহীদ কুশল কোঁৱৰ সাৰ্ব্বজনীন বৃদ্ধ পেঞ্চনৰ আৰম্ভণি। মাহিলি ২৫০ টকা কৈ সোমাব ৰাজ্যৰ ৬০ বছৰ উৰ্দ্ধৰ জেষ্ঠ লোকৰ একাউণ্টত।

Next Story
চাকৰি