Begin typing your search above and press return to search.

মেৰী কম,যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁইৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সফলতা

মেৰী কম,যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁইৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সফলতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 7:27 AM GMT

আকৌ মেৰী কমৰ আন এক সফলতা ৷বিশ্ব মহিলা বক্সিং চেম্পিয়ন শ্বিপৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে অপ্ৰতিৰোধ্য মেৰী কমে ৷ইতিমধ্যে বিশ্ব মহিলা বক্সিঙত মেৰী কমৰ অষ্টমটো পদক নিশ্চিত হৈছে ৷ লগতে এই প্ৰতিযোগিতাত অষ্টম পদক লাভ কৰা মেৰী কম হ’ব প্ৰথম মহিলা বক্সাৰ ৷ ইফালে ৩৬ বছৰীয়া মনিপুৰৰ প্ৰখ্যাত বক্সাৰ মেৰী কমে বিগত সময়ত ইণ্ডোনেছিয়াত আয়োজিত লাবুৱান বাজুত অনুষ্ঠিত ২৩ সংখ্যক প্ৰেছিডেন্টছ কাপ বক্সিঙত এম চি মেৰী কমে (৫১) কেজি সোণৰ পদক লাভ কৰে ।

আনহাতে অক্টোবৰত হ’ব লগীয়া বিশ্ব চেম্পিয়ন শ্বিপৰ প্ৰস্তুতি হিছাপে প্ৰেছিডেন্ট কাপত ভাগ লৈ মেৰী কমে মহিলাৰ ৫১ কিলোগ্ৰাম শাখাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ ফ্ৰেংকছ এপ্ৰেলক পৰাস্ত কৰে ৫-০ ব্যৱধনাত ৷ টুৰ্নামেন্টখনত শ্ৰেষ্ঠ দলৰ সন্মান পোৱা ভাৰত লাভ কৰে সাতটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক ৷

লগতে মেৰী কমে এই সাফল্যত প্ৰেৰণা দিয়া সকলোকে ধন্যবাদ জনায় ৷মেৰীকমে ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়নচিপ খিতাপ দখল কৰা প্ৰথম মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ৩৫ বছৰীয়া ভাৰতৰ বহু যুজৰ নায়িকা মহিলা বক্সাৰ গৰাকীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত ইউক্ৰেণৰ ২২ বছৰীয়া বক্সাৰ হান্না ওখোতাক পৰাস্ত কৰি বিশ্ব জয়ৰ খিতাপ নিজৰ দখলত আনিবলৈ সক্ষম হয়।

অসমৰ বক্সাৰ যমুনা বড়োয়ে বৃহস্পতি বাৰে ৰুছিয়াত হোৱা বিশ্ব বক্সিং চেম্পিয়ন শ্বিপত জাৰ্মানীৰ উৰ্চুলা গটলবক পৰাজিত কৰি চেমি ফাইনেলত প্ৰবেশ কৰে ।ইয়াৰ লগে লগে মেডেল নিশ্চিত কৰে দুৰ্দান্ত খেলুৱৈ যমুনা বড়োৱে ।

উল্লেখ্য যে অসমৰ যমুনা বড়োয়ে ২৩ সংখ্যক ইণ্ডোনেছিয়াৰ লাবুৱান বাজোত অনুষ্ঠিত প্ৰেছিডেন্টছ কাপ বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰে। ফাইনেলত যমুনা বড়োয়ে ৫-০ ব্যৱধানত পৰাস্ত কৰে ইটালীৰ অভিজ্ঞ বক্সাৰ গিউলিয়া লামাগনাক। ইয়াৰ পূৰ্বতে যমুনাই গুৱাহাটীত আয়োজিত ছেকেণ্ড ইণ্ডিয়া অ’পেন ইন্টাৰনেশ্যনেল বক্সিঙ টুৰ্নামেন্টত স্বৰ্ণ পদকত জয় লাভ কৰে ৷

ইফালে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁই (৬৯ কেজি) ছেমি ফাইনেলত প্ৰবেশ কৰে। গোলাঘাট জিলাৰ বৰপথাৰৰ যুৱতী লাভলীনাই পোলেণ্ডৰ কেৰ’লিনা ফছিৱস্কাক ৪-১ কৈ ব্যৱধানত পৰাজিত কৰে ৷ বিগত নৱেম্বৰ মাহত নতুন দিল্লীত হোৱা বিশ্ব চেম্পিয়নশ্বিপত প্ৰথমবাৰলৈ ভাগ লৈয়ে লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷ ২২ বছৰীয়া লাভলীনাই ইয়াৰ পূৰ্বে ২০১৮ ৰ কমনৱেলথ গেমছত কোৱাটাৰ ফাইনেলত খেলাৰ বাদে ২০১৮ চনৰ উদ্ধোধনী বৰ্ষৰ ইণ্ডিয়া অ’পেন আন্তৰ্জাতিক অ’পেনত সোণৰ,একে বছৰতে মংগোলিয়াত হোৱা ওৱালবাটাৰ কাপত ৰূপৰ আৰু পোলেণ্ডত হোৱা আন্তৰ্জাতিক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক: পিঠিৰ বিষৰ কাৰণে ৱৰ্ল্ড এথলেটিক্ছ চেম্পিয়নশ্বিপ ২০১৯ ত অংশ নলয় অসম গৌৰৱ হিমা দাসে

ভিডিঅ প্ৰতক্ষ্য কৰক:Plastic free campaign in Dhemaji, Mahila Samaj distributes cloth bags

Next Story
চাকৰি