চাহ শ্ৰমিকৰ বনাচ বিতৰনৰ ওপৰত অনুষ্ঠিত হয় বৈঠক

চাহ শ্ৰমিকৰ বনাচ বিতৰনৰ ওপৰত অনুষ্ঠিত হয় বৈঠক

বুধবাৰে চাহ শ্ৰমিক সকলৰ বনাচ বিতৰনৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় যোৰহাট জিলাৰ ১২ HPC , তথা সাংসদ সভাপতি তপন কুমাৰ গগৈ তত্বাৱধানত চুকাফা কনফাৰেন্স হল জিলা উপায়ুক্তৰ কাৰ্যালয় শিৱসাগৰত।অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি আসাম টি ক'ৰপাৰেচন লিমিটেড (Assam tea corporation limited) ৰ অন্তৰ্গত চাহ শ্ৰমিক সকলক ২০% বনাচ দিয়া হব ।

অধ্যক্ষ গৰাকীয়ে চাহ বাগিচা কতৃপক্ষক কয় যে জিলা খনৰ ২৭ খন চাহ বাগিছাৰ চাহ শ্ৰমিক সকলক বনাচ বিতৰন কৰাটো অতি প্ৰয়োজনীয়। ইতিমধ্যে All Assam tea corporation limited ৰ অন্তৰ্গত চাহ শ্ৰমিক সকলৰ বাবে ২০% বনাচৰ ব্যৱস্থা কৰা হৈছে। অতিৰিক্ত কিছুমান ডাঙৰ বা মজলীয়া চাহ বাগিছাই ২০% বনাচৰ বাবে অনুজ্ঞা দিব লাগিব। লগতে তেওঁলোকৰ বনাচ সম্পৰ্কে দুই তিনি দিনৰ ভিতৰত বিতৰন সম্পৰ্কে ঘোষণা কৰা হ'ব ।

বৈঠকৰ সময়তে জিলা উপায়ুক্ত ড° এচ লক্সমননে শুল্ক আৰু আৰক্ষী বিভাগক বনাচ বিতৰনৰ সময়ত অবৈধ সুৰা বিক্ৰী আৰু বিতৰনৰ ক্ষেত্ৰত নজৰ ৰাখিবলৈ অনুৰোধ কৰে।লগতে কঠোৰ পহৰা আৰু সুৰা পান কৰি তীব্ৰ গাড়ী চালনা সকলক জিম্মাত ল'বলৈ নিৰ্দেশ দিয়ে।

আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই চাহ বাগিচা কতৃপক্ষক নিৰ্দেশ দি কয় যে, প্ৰয়োজনীয় সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে বনাচ প্ৰদানৰ বাবে বেংকৰ পৰা ধন উলিয়াই অনাৰ সময়ত ওচৰৰ আৰক্ষী চকীৰ সহায় লবলৈ।

লগতে এই বৈঠকত উপস্থিত থাকে জিলা বিকাশ উপায়ুক্ত(District development commissioner ) নবাব অল আজহৰ আলি, উপ মণ্ডল অধিকাৰী (subdivisional officer ) নাজিৰা ৰাজীব থাপা, আৰু অসম চাহ মজদুৰ সংঘৰ(Assam chah mazdoor Sangha) আৰু অসম চাহ কৰ্মচাৰী সংঘৰ( Assam chah karmachari Sangha ) প্ৰতিনিধি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com