Begin typing your search above and press return to search.

#Metoo অভিযোগত সাঙোৰ খাইছে মুকেশ আগৰৱালা

#Metoo অভিযোগত সাঙোৰ খাইছে মুকেশ আগৰৱালা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2018 12:22 PM GMT

#Metoo প্ৰসংগক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকা সময়তে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (আইন-শৃংখলা শাখা) মুকেশ আগৰৱালাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ আনিছে মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লীনা দলেই । ‘ময়ো কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী মহিলা‘ ফেচবুক পোষ্ট যোগে এই অভিযোগ আনিছে অসম আৰক্ষীৰ জ্যেষ্ঠা বিষয়া গৰাকীয়ে।

তেওঁ উল্লেখ কৰা অনুসৰি ২০১২ চনত তদানীত্বন আৰক্ষী মহাপৰিদৰ্শক মুকেশ আগৰৱালাই লীনা দলেক অৱসৰ বিনোদনৰ বাবে যাবলৈ লগ ধৰিছিল৷ লীনাই মুকেশ আগৰৱালাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল আৰু তেওঁৰ অভিযোগৰ ভিত্তিত তদন্তৰ বাবে এক তদন্তকাৰী গোট গঠন কৰা হৈছিল।

লীনা দলেৰ বিৰুদ্ধে মুকেশ আগৰৱালাৰ পত্নীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এক মানহানিৰ গোচৰত দলেৰ পক্ষতে ৰায় দিছিল আদালতে। ইয়াৰ পিছৰ পৰ্যায়ত আগৰৱালাৰ বিৰুদ্ধে লীনা দলে দিয়া অভিযোগ এক ভুল বুজাবুজি বুলি খাৰিজ কৰা হৈছিল । মুকেশ আগৰৱালাই এই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই ।

Next Story