Begin typing your search above and press return to search.

কোন দিশে আগবাঢ়িছে মেট্ৰ’ ৰেলৰ আঁচনি গতি?

কোন দিশে আগবাঢ়িছে  মেট্ৰ’ ৰেলৰ আঁচনি গতি?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2019 10:25 AM GMT

২০১৬ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত সেই সময়ৰ তৎকালীন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খানাপাৰাত এক মেট্ট’ ৰেলৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল ৷ য’ত ব্যয় হৈছিল প্ৰায় ৭০ লাখ টকা ।কিন্তু দুৰ্ভাগ্য পূৰ্ণ কথা এয়ে যে সম্প্ৰতি এই আধাৰ শিলা গছ গছনি,লতাই আৱৰি ধৰিছে ৷ ইফালে তৎকালীন চৰকাৰে কোটি কোটি টকা ব্যয় কৰি আঁচনিখন তৈয়াৰ কৰাৰ কাৰণে বিভিন্ন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। কিন্তু এই আঁচনিখনৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়াহে একো ন’হল ৷

ইফালে বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পিছত এই আঁচনি সন্দৰ্ভত সমীক্ষা কৰিছে আৰু অনতি পলমে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা ল’বলৈ যাৱতীয় পদক্ষেপ হাতত ল’ব। আনহাতে সেই আঁচনিখনত ব্যয় হ’ব লগা আনুমানিক ধনৰ পৰিমাণ আছিল ১৪,০০০ কোটি টকা ৷ বিগত চৰকাৰৰ অনুসৰি মেট্ৰ’ ৰেল আঁচনি গুৱাহাটীত ৬১ কিলোমিটাৰৰ চাৰিশৰীয়া পথ আছিল৷ সম্প্ৰতি বিগত চৰকাৰৰ এই আঁচনিক পুনৰাই আৰম্ভ কৰিব। ইফালে দিছপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰে আঁচনি নতুনকৈ আৰম্ভ কৰিবৰ কাৰণে নতুন আঁচনি তৈয়াৰ কৰিছে ৷কংগ্ৰেছ চৰকাৰৰ মেট্ৰ’ ৰেলৰ আঁচনিৰ নীতি নিয়মৰ বিপৰীতে বিজেপি চৰকাৰে এই আঁছনিখন নতুন ৰূপত উপস্থাপন কৰিব।

২০১৭ চনৰ মে’ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে মেট্ৰ’ ৰেলৰ আঁচনিৰ কোনো অস্তিত্ব নাছিল। মন্ত্ৰী ড° শৰ্মাই সদনত মন্তব্য কৰিছিল যে আঁচনিখনত ৰাজ্য চৰকাৰৰ ৪০০০ কোটি টকা আছিল। এই টকা সেই সময়ত আঁচনিখনৰ কাৰণে যথেষ্ট নাছিল ৷জি এম ডি এয় ৰ এক বিশেষ সূত্ৰৰ মত অনুসৰি মেট্ৰ’ ৰেলৰ আঁচনিখন বাস্তৱায়িত কৰাৰ কাৰণে বহু কাৰ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা মঞ্জুৰী লাভ কৰিব লাগিব।

অৱশ্যে বিগত চৰকাৰে এই আঁচনিৰ আধাৰশিলা স্থাপন কৰোতে এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিব লগা হয় ৷ গতিকে মেট্ৰ’ ৰেলৰ এই আঁচনিখন কেতিয়া বাস্তৱায়িত হ’ব সেয়া হ’ব অতি গুৰুত্ব পূৰ্ণ কথা ৷

উল্লেখযোগ্য যে, গুৱাহাটীক স্মাৰ্ট চিটীলৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিন্তু এই প্ৰকল্প তথা আচনি সমূহ বাস্তবত ৰূপায়িত হোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছৰ আমোলত কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটী মেট্ৰ’ ৰেল ব্যবস্থাৰ বাবে সন্মতি দিছিল । সেই সময়ত ৰাজ্য চৰকাৰে মেট্ৰ’ ৰে’লৰ প্ৰকল্প আৰম্ভ কৰাৰ বাবদ ২৫ কোটি অনুমোদন দিছিল। প্ৰকল্পটো সম্পূৰ্ণ হ’বৰ বাবে খৰচ ধাৰ্য কৰা হৈছিল ১৪ হাজাৰ কোটি টকা । মেট্ৰ’ ৰেল নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটী নগৰ উন্নয়ন বিভাগক ।পূৰ্বে চাৰিটা কৰিডৰ ক্ৰমে ধাৰাপুৰৰ পৰা নাৰেঙ্গী(২৬.৬ কি.মি), এম জি ৰোডৰ পৰা খানাপাৰা (১০ কি.মি.), জালুকবাৰীৰ পৰা খানাপাৰা (১৯.৪ কি. মি)), আই এছ বি টিৰ পৰা পল্টনবজাৰ (৯.৪ কি.মি) আছিল। এই মেট্ৰ’ ৰে’ল প্ৰকল্প মুঠ ৬১.৪২ কি:মি: দৈৰ্ঘ্যৰ আছিল।

অন্য খবৰৰ বাবে পঢ়ক: বানপানী আৰু ভূমিস্খলন ফলত লামডিং বদৰপুৰৰ ৰেল পথ ক্ষতিগ্ৰস্থ

ভিডিঅ প্ৰতক্ষ্য কৰক:Kokrajhar MP Naba Sarania holds press conference at Guwahati

Next Story
চাকৰি