Begin typing your search above and press return to search.

অসমত এমজিএনৰেগাৰ দুৰ্বল প্ৰদৰ্শন

অসমত এমজিএনৰেগাৰ দুৰ্বল প্ৰদৰ্শন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2019 4:13 AM GMT

অসমত এমজিএনৰেগাৰ অধীনত আঁচনিসমূহৰ কাম অত্যন্ত দুৰ্বল প্ৰকৃতিৰ হৈছে ৷ কাৰণ এমজিএনৰেগাৰ অধীনত ১,৬১,২৫৮ টা কাৰ্য এতিয়াও অসম্পূৰ্ণ অৱস্থাত আছে। পঞ্চায়ত আৰু গ্ৰামীণ বিকাশ বিভাগে দিয়া তথ্য অনুসৰি ২০১৯ চনৰ ২৫ অক্টোবৰত আঁচনি স্থাপন কৰাৰ পিছৰ পৰা ২৪,৬৩৪ টা কামত এতিয়াও এটকাও ব্যয় কৰা নাই।

কেৱল এইয়াই নহয় বিগত তিনি বৰ্ষত ২৪,৬৫২ টা,বিগত দুবছৰত ২৭,৬০৬ আৰু বিগত এবছৰত ৪৪,৪০৫ টা কামত এটকাও ব্যয় হোৱা নাই।এক বিশেষ তথ্য অনুসৰি ১৪,২৩৫ টা কামৰ লগতে কাছাৰ জিলাত কামৰ প্ৰদৰ্শন আটাইতকৈ দুৰ্বল হৈছে ৷ইয়াৰ লগতে কৰীমগঞ্জত ১১,৯৯৭ টা কাম,কাৰ্বী আংলঙত ৯,১৬৯ টা দীঘলীয়া কাৰ্য,বাক্সাত ৮,৯২৫ টা কাম,বৰপেটাত ৮৭৫২ টা,ধুবুৰীত ৬৭৩০ টা কাম,গোলাঘাটত ৭৩৮৫ টা কাম,কামৰূপত ৬,৭০৪ টা কাৰ্য আৰু ওদালগুৰিত ৬,৪৮৪ টা কাৰ্য সন্নিবিষ্ট আছে ৷

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধিকাংশ আঁচনি যেনে পিএমজিএচওৱাই,পিএমএওৱাইৰ মাধ্যমেৰে শৌচালয়,বৃক্ষৰোপণ, পুখুৰী আদি নিৰ্মাণ কৰাৰ আঁচনি ইয়াৰ মাধ্যমেৰে কৰা হয় ৷ ইয়াৰ লগতে এমজিএনৰেগা আঁচনিৰ অধীনত এনেধৰণৰ কামৰ ওপৰিও অন্যান্য কামসমূহ কৰা হয় ৷

অন্য খবৰৰ বাবে পঢ়ক: অসমত এমজিএনৰেগাৰ অধীনত আৰম্ভণিৰে পৰা এতিয়ালৈ আধৰুৱা হৈ আছে ১৯৭২৮৭ টা কাম

ভিডিঅ প্ৰতক্ষ্য কৰক: Dilapidated Road Conditions under Borsola Constituency in Sonitpur

Next Story