Begin typing your search above and press return to search.

বিদেশী ন্যায়াধীকৰণ আদেশ ১৯৬৪ ক সংশোধন কৰিলে গৃহ মন্ত্ৰ্যালয়ে

বিদেশী ন্যায়াধীকৰণ আদেশ ১৯৬৪ ক সংশোধন কৰিলে গৃহ মন্ত্ৰ্যালয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2019 7:28 AM GMT

বিদেশী ন্যায়াধীকৰণ আদেশ ১৯৬৪ ক সংশোধন কৰিলে গৃহ মন্ত্ৰ্যালয়ে । ৰাজ্যত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত নোহোৱা লোকসকলৰ কাৰণে গৃহ মন্ত্ৰ্যালয়ে বিদেশী ন্যায়াধীকৰণ আদেশ ১৯৬৪ ক সংশোধন কৰি তিনিটা গুৰুত্বপূৰ্ণ খণ্ডত বিভক্ত কৰিছে ।২ ছেপ্তেম্বৰ অৰ্থাৎ সোমবাৰে প্ৰকাশিত অধিসূচনা অনুযায়ী নতুন আদেশৰ নাম পৰিৱৰ্তন কৰি বিদেশী ন্যায়াধীকৰণ আদেশ ২০১৯ লৈ পৰিৱৰ্তন কৰিছে ।

ইফালে যি নীতি নিয়ম সম্প্ৰতি আনিছে তাৰ ভিতৰত বিদেশী ন্যায়াধীকৰণৰ আদেশত ধাৰ্য কৰা হৈছে যে আপীল কৰা সকল ভাৰতীয় হয় নে নহয় সেয়া নিশ্চিত কৰা হ’ব ।বিদেশী ন্যায়াধীকৰণক এই কথাৰ ওপৰত ৰায় দিব লাগিব যে লোকসকল বিদেশী হয় নে নহয়।

আঠখন জিলাত হ’ব ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ ৷ ৰাজ্য চৰকাৰে সম্প্ৰতি ৮ খন জিলাত ২০০ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে পূৰ্বতে বিদেশী ন্যায়াধীকৰণৰ সংখ্যা ৮ টাৰ পৰিৱৰ্তে আছিল ৬ টা ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা পোৱা এখন বিশেষ অধিসূচনাৰ পিছত গৃহ আৰু ৰাজনৈতিক বিভাগে বিদেশী ন্যায়াধীকৰণত সদস্য ভৰ্তি কৰিবলৈ আৰম্ভ কৰিব ।

ইফালে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বিদেশী ন্যায়াধীকৰণৰ যাৱতীয় কাম হ’ব ৷ আনহাতে ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ কাম আৰম্ভ হোৱাৰ পিছত ইয়াৰ সংখ্যা হ’বগৈ ৩০০ টা ৷এক বিশেষ সূত্ৰই দ্য চেন্টিনেলৰ আগত কোৱা অনুসৰি উচ্চ ন্যায়ালয়ে লোকসকলৰ সাক্ষাৎকাৰৰ পিছত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ কাৰণে ২২৭ জন সদস্যৰ নাম অন্তৰ্ভূতি হৈ আছে ৷

ইয়াৰে ৫০ জন লোকৰ নাম সম্প্ৰতি অন্তৰ্ভূক্তি কৰা নাই। ইয়াৰ মাজতে গৃহ আৰু ৰাজনৈতিক বিভাগে এই সমগ্ৰ বিষয় নিৰীক্ষণ কৰি আছে। প্ৰত্যেক বিদেশী ন্যায়াধীকৰণৰ অতি কমেও ১০ জন কৰ্মচাৰী থাকিব। অসম আৰক্ষীৰ বিদেশী ন্যায়াধীকৰণত নতুন নিযুক্তি কাৰণে ২০০০ কৰ্মীৰ ব্যৱস্থা কৰিছে ৷ আনহাতে সদস্য ভৰ্তিকৰণ সময় এবছৰ যদিও অনাগত দিনত এই সময় সীমা বৃদ্ধি কৰিব পাৰে আৰু সদস্যৰ বয়সৰ সীমা ৬৭ বছৰ হ’ব লাগিব ৷

অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ আঠখন জিলাৰ ভিতৰত কামৰূপত অতিৰিক্ত ৬৭ বিদেশী ন্যায়াধীকৰণ স্থাপন হ’ব ৷ গুৱাহাটীত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপন হ’ব বৰাগাঁও আৰু আজৰা ৷ অন্যান্য বিদেশী ন্যায়াধীকৰণৰ ভিতৰত ৩৯ টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ হ’ব নগাঁৱত, যোৰহাটত ৩১,তেজপুৰত ২১,শিলচৰত ২০,ধুবুৰীত ১০ টা,কোকৰাঝাৰত ৭,বঙাইগাঁৱত পাঁচটা৷

অধিক খবৰৰ বাবে পঢ়ক: সংশোধন হ’ব বিদেশী ন্যায়াধীকৰণ অধিনিয়ম ১৯৬৪

ভিডিঅ প্ৰতক্ষ্য কৰক:Police recovered .22 pistol along with live ammunition in Lanka, Accused Absconding

Next Story
চাকৰি