Begin typing your search above and press return to search.

গৃহ মন্ত্ৰালয়ে অসমত অধিক ৪০০ খন বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছে

গৃহ মন্ত্ৰালয়ে অসমত অধিক ৪০০ খন বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2019 7:07 AM GMT

অসমৰ ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ সময় সীমা বৃদ্ধি কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমত ৪০০ খন অধিক বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছে ।

৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ সৈতে অসমত মুঠ বিদেশী ন্যায়াধীশকৰন হব ৫০০ খন । বৰ্তমান অসমত ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন আছে। চলিব বৰ্ষৰ ২৩ মেত এই ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ বৈধতা সমাপ্ত হব ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাজ্যত ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হয়। ১০০ খন বিদেশী ন্যায়াধীশকৰন থকাৰ পাছতো ৰাজ্যত বৰ্তমানেও প্ৰায় ২ লাখ গোচৰ মীমাংসা হোৱা নাই ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে অধিক বিদেশী ন্যায়াধীশকৰন সমুহৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ পাছৰ পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি অনুমোদন জনোৱা হৈছে। এন আৰ চি প্ৰকাশৰ পিছত সন্দেহজনক লোক সকলক বিদেশী ন্যায়াধীশকৰন চিনাক্ত কৰিব লাগিব ।

উল্লেখযোগ্য যে দিছপুৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ এন আৰ চি পিছৰ পৰ্যায়ৰ পৰিস্থিতিৰ বাবে অধিক ১,০০০ খন বিদেশী ন্যায়াধীশকৰন স্থাপনৰ আবেদন কৰিছিল । ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যত ১০০০ খন বিদেশী ন্যায়াধীশকৰনৰ প্ৰয়োজনৰ কথা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ক ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে আগষ্ট অথবা চেপ্তেম্বৰৰ ভিতৰত ৪০০ খনৰ ভিতৰত ২০০ খন বিদেশী ন্যায়াধীশকৰন স্থাপনৰ প্ৰস্তুতি কৰিছে আৰু বাকি থকা ২০০ খন বিদেশী ন্যায়াধীশকৰন চলিত বৰ্ষৰ শেষত অথবা ২০২০ বছৰৰ প্ৰথমত স্থাপনৰ পৰিকল্পনা কৰিছে । এই বিদেশী ন্যায়াধীশকৰন সমুহৰ স্থাপনৰ ব্যয় কেন্দ্ৰীয় গৃহ বিভাগে আবন্টন দিব । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ পাব চলিত বৰ্ষৰ ৩১ জুলাইত ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি