Begin typing your search above and press return to search.

তবলীগী জামাতত অংশ লোৱা ৯৬০ বিদেশীৰ নাম ‘ব্লেকলিষ্ট’ত অন্তৰ্ভুক্ত গৃহ মন্ত্ৰালয়ৰ

তবলীগী জামাতত অংশ লোৱা ৯৬০ বিদেশীৰ নাম ‘ব্লেকলিষ্ট’ত অন্তৰ্ভুক্ত গৃহ মন্ত্ৰালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2020 7:37 AM GMT

তবলীগী জামাতত অংশ লোৱা ৯৬০ বিদেশীৰ নাম ‘ব্লেকলিষ্ট’ত অন্তৰ্ভুক্ত গৃহ মন্ত্ৰালয়ৰ। তবলীগী জামতত অংশগ্ৰহণ কৰা ৯৬০ জন‌ বিদেশীৰ ভিছা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে খাৰিজ কৰিছে। গৃহ মন্ত্ৰালয়ে দেশৰ সকলো আৰক্ষী আয়ুক্ত, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, সকলো ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান , দিল্লী আৰক্ষীক নিৰ্দেশনা দিয়ে যে আইন-উলংঘাকাৰীৰ বিৰুদ্ধে তাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে । যিসকলে বিদেশী আইন,১৯৪৬ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ভংগ কৰিছে সেইসকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈও নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।‌

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এটা টুইটত কয় যে ৯৬০ গৰাকী বিদেশীৰ ভাৰতীয় ভিছা খাৰিজ কৰা হৈছে আৰু এই লোকসকলে তবলীগীত অংশগ্ৰহণৰ‌ তথ্য উদ্ধাৰ হৈছে।

লগতে তেওঁ যিসকলে বিদেশী আইন, ১৯৪৬ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ভংগ কৰিছে, সেইসকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।‌

এই ৯৬০ জন বিদেশীয়ে নিজামুদ্দিন মৰকজৰ তলবীগী জামাতৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। যাৰ ফলত দেশত ক’ৰ’না ভাইৰাছ সৃষ্ট মহামাৰীৰ প্ৰকোপ বৃদ্ধি পাইছে। এই জামাতত অসমৰ পৰা গৈ চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰিছিল। এই পৰ্যন্ত ইয়াৰে ১৬জনৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ফলত দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো সৰ্বত্ৰে আতংক বিৰাজ কৰি আছে।

ইপিনে, অবৈধভাবে আয়োজিত এই জামাতত অংশগ্ৰহণ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

অন্য খবৰৰ বাবে পঢ়ক : পাঁচ এপ্ৰিলৰ নিশা ৯ বজাত চাকি-বন্তি জ্বলোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: War against COVID-19: Assam Health Department signs 22 MoUs with private hospitals in Silchar

Next Story
চাকৰি