কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তৈয়াৰ কৰিছে জম্বু-কাশ্মীৰৰ ১০ শীৰ্ষ সন্ত্ৰাসবাদীৰ তালিকা

জম্বু-কাশ্মীৰত সন্ত্ৰাসবাদ মুক্ত কৰিবলৈ নতুন গৃহ মন্ত্ৰী অমিত শ্বাহে ব্যবস্থা গ্ৰহণ কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্বু কাশ্মীৰৰ ১০ জন শীৰ্ষ সন্ত্ৰাসবাদীৰ তালিকা প্ৰস্তুত কৰিছে ।
জম্বু কাশ্মীৰ আৰক্ষী, চি আৰ পি এফ আৰু ইন্টেলিজেন্ট বিৰ'অ দিয়া তথ্যৰ ভিত্তিত জেইছ-ই-মহম্মদৰ, লস্কৰী-ই-তৈৱা আৰু হিজবুল মুজাহিদিনৰ ৱান্টেদ সন্ত্ৰাসবাদী সকলৰ শীৰ্ষ ১০ জনৰ তালিকা তৈয়াৰ কৰিছে ।
১০ জন শীৰ্ষ সন্ত্ৰাসবাদীৰ ভিতৰত ৬ জন হিজবুল মুজাহিদিনৰ, ২ জন জেইছ ই-মহম্মদৰ আৰু এজন লস্কৰী-ই-তৈৱা আৰু আল বাদৰ সন্ত্ৰাসবাদী সংগঠনৰ ।
লস্কৰী-ই-তৈৱাৰ কামাণ্ডাৰ ৱাচিম আহমেদ আলিয়াচ অচামা জম্বু কাশ্মীৰৰ চপিয়ান জিলাত সক্ৰিয় হৈ থকাৰ লগতে হিজবুল মুজাহিদিনৰ মুখ্য কামাণ্ডাৰ ৰিয়াজ নাইকো এলিয়াচ মহম্মদ বিন কুৱাচিমৰ নামো এই তালিকা খনত অন্তভূক্ত কৰা হৈছে ।
হিজবুল মুজাহিদিনৰ অনান্তনাগ জিলাৰ কামাণ্ডাৰ মহম্মদ আচৰাফ খান, বাৰামুল্লাহ জিলাৰ কামাণ্ডাৰ মেহৰাজ উদ-দ্দিন, শ্ৰী নগৰৰ কেডাৰ ডঃ চাইফুল্লাহ, পুলোৱামা জিলাৰ কামাণ্ডাৰ আৰ্চাদ-উল-হক আৰু আজাজ আহমেদ মালিক, কুপৱাৰা জিলাৰ কামাণ্ডাৰ নাম এইখন তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।
লগতে জাভেদ মাটো এলিয়াচ চাকিব মুচাব, উত্তৰ কাশ্মীৰৰ ডিভিজনেল কামাণ্ডাৰ , জেইছ-ই-মহম্মদৰ যাহিদ চেইখ এলিয়াচ অমাৰ আফগানি আৰু জেইছ ই-মহম্মদৰ অপাৰেচনেল কামাণ্ডাৰ হাফিজ ওমাৰৰ নাম এই তালিকা খনত অন্তভূক্ত কৰা হৈছে ।
১ জুনত অনুষ্ঠিত হোৱা বৈঠকত মিলিত হৈছিল গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত জম্বু কাশ্মীৰৰ ৰাজ্যপাল সত্য পল মালিক, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, গৃহ সচিব ৰাজীৱ গাউবা, ৰ' (RAW) ৰ মুখ্য অনিল দাসমানা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়া সকল ।
গৃহ মন্ত্ৰালয় আৰু নিৰাপত্তা এজেঞ্চী সমূহৰ বিষয় সকলক সমগ্ৰ দেশতে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । লগতে তিনি খন বৈঠকত জম্বু কাশ্মীৰৰ নিৰাপত্তা দিশত আলোচনা কৰা হয় ।
অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি