Begin typing your search above and press return to search.

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এন আৰ চি প্ৰকাশৰ প্ৰাকক্ষণৰ পৰিষ্ঠিতিৰ সন্দৰ্ভত বিদেশী ন্যায়াধীশকৰনলৈ আদেশ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এন আৰ চি প্ৰকাশৰ প্ৰাকক্ষণৰ পৰিষ্ঠিতিৰ সন্দৰ্ভত বিদেশী ন্যায়াধীশকৰনলৈ আদেশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2019 10:21 AM GMT

বিদেশী ন্যায়াধীশকৰন সংশোধনি আদেশ ২০১৯ ত ন্যায়াধীশকৰনত নতুন আদেশ জাৰি কৰা হৈছে । অতিৰিক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত যিসকলৰ নাম অন্তৰ্ভুক্ত নহয় সেইসকলৰ বাবে কিছুমান সু-স্পষ্টী নীতি উল্লেখ কৰিছে ।

১৯৬৪ বিদেশী ন্যায়াধীশকৰন আদেশ মতে কেৱল চৰকাৰেহে বিদেশী ন্যায়াধীশকৰনলৈ গোচৰ সমূহ প্ৰেৰণ কৰিব পাৰিব । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশী ন্যায়াধীশকৰনৰ এই আদেশ সংশোধন কৰি ৪ জুনত প্ৰকাশ কৰে । এই সংশোধনিৰ মতে যিসকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ অযোগ্য বুলি প্ৰকাশ কৰে সেই লোকসকলে বিদেশী ন্যায়াধীশকৰনৰ ওচৰলৈ নিজে আবেদন কৰিব পাৰিব বুলি প্ৰকাশ কৰে।

এন আৰ চিৰ কৰ্তৃপক্ষয়ে অথবা বৈধ অনুশাসনকাৰীয়ে অবৈধ বুলি ঘোষণা কৰাৰ পাছত বিদেশী ন্যায়াধীশকৰনৰ ওচৰত আবেদন কৰিব পাৰিব । এই গোচৰটো ন্যায়াধীশকৰনে গ্ৰহণ কৰিব । সংশোধনি আদেশৰ মতে ৰাজ্যিক চৰকাৰে জিলা মেজিচট্ৰেতৰ হৈ এজন যোগাযোগকাৰীক নিযুক্তি দিব বুলি প্ৰকাশ কৰে ।

সংশোধনি আদেশৰ মতে ন্যায়াধীশকৰনে জিলা মেজিচট্ৰেতলৈ এক জাননী জাৰি কৰি জাননী জাৰি কৰাৰ ৩০ দিনৰ ভিতৰত এন আৰ চিৰ ৰেকৰ্ড সমূহ প্ৰকাশ কৰা আৰু চৰকাৰে নিযুক্তি দিয়া যোগাযোগ কাৰীলৈ এখন পঠিয়াব লাগে । তাৰ পাছত জিলা মেজিচট্ৰেতক প্ৰকৃত এন আৰ চিৰ লগত আবেদন পত্ৰ আৰু তথ্য সমূহ যোগাযোগ কাৰীয়ে দাখিল কৰিব আৰু এন আৰ চিৰ কতৃপক্ষয়ে নিৰ্দেশ দিয়াৰ পাছত আবেদন দাখিল কৰিব পাৰে। তথ্যৰ ভিত্তিত ১২০ দিনৰ ভিতৰত ন্যায়াধীশকৰনে ফাইনেল আদেশ দিব । তথ্য ভিত্তিত এন আৰ চিৰ বাবে তথ্য সমূহ বৈধ হয় নে নহয় প্ৰকাশ কৰিব ।

উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্নিবিষ্ট হৈছে ।

অসমৰ ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ সময় সীমা বৃদ্ধি কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমত ৪০০ খন অধিক বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছে ।৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ সৈতে অসমত মুঠ বিদেশী ন্যায়াধীশকৰন হব ৫০০ খন । বৰ্তমান অসমত ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন আছে। চলিব বৰ্ষৰ ২৩ মেত এই ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ বৈধতা সমাপ্ত হব ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি