Begin typing your search above and press return to search.

৮ দিনৰ পাছত সন্ধান ওলাল ভাৰতীয় বায়ু সেনাৰ AN-32 বিমানৰ

৮ দিনৰ পাছত সন্ধান ওলাল ভাৰতীয় বায়ু সেনাৰ AN-32 বিমানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2019 10:52 AM GMT

৩ জুনৰ পৰা সন্ধানহীন হৈ থকা ভাৰতীয় বায়ু সেনাৰ বিমান AN-32 ৰ অবশেষত সন্ধান লাভ কৰা হৈছে । ৮ দিনৰ পাছত আজি সন্ধান লাভ কৰিছে বিমান খনৰ ।

ভাৰতীয় বায়ু সেনায়ে নিশ্চিত কৰিছে যে বিমান খনৰ ধ্বংসাৱশেষ লিপুৰ উত্তৰৰ ১৬ কিলোমিটাৰ নিলগত, টাটো উত্তৰ পূৰ্বাঞ্চলৰ ১২,০০০ ফিট উচ্চ টিলাত ধ্বংসাৱশেষ দেখিবলৈ পোৱা গৈছে । এই অঞ্চলটোত Mi-17 হেলিকপ্টাৰৰ যোগেদি অভিযানৰ সময়তে উদ্ধাৰ কৰা হয় ধ্বংসাৱশেষ বিমান খন ।

https://twitter.com/IAF_MCC/status/1138383237481283584

৩ জুন তাৰিখে AN-32 বিমান খন যোৰহাট বিমানবন্দৰৰ পৰা উৰা মাৰিছিল অৰুণাচল প্ৰদেশৰ মাচুকাৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ । বিমান খন সন্ধানহীন হোৱাৰ পাছতে ভাৰতীয় বায়ু সেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।ৰাছিয়াৰ অৰিজিন AN-32 বিমান খনে ১২.২৭ বজাত অসমৰ যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মাচুকাৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ উৰা মাৰিছিল । কিন্তু উৰনৰ কিছু সময়ৰ পাছতে ১.৩০ বজাত বিমান খনৰ লগত যোগাযোগ বিচ্ছিন্ন হয় ।বিমান খনৰ উদ্ধাৰ অভিযানত বিভিন্ন এজেঞ্চীৰ লগতে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ISRO য়ে উপগ্ৰহৰ জৰিয়তে অভিযান চলাছিল ।

বিমান খন যোগাযোগ বিচ্ছিন্ন হোৱাৰ অঞ্চলটো গভীৰ অৰন্যৰে ভৰা । ঘন ডাৱৰ আৰু বৰষুণৰ লগতে গভীৰ অৰন্যৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সন্মুখীন হৈছিল ।ইছৰ’য়ে RISAT ৰ যোগেদি ফটো সংগ্ৰহৰ ক্ষেত্ৰত অভিযান চলাছিল । সোমবাৰে C-130 আৰু AN-32 এয়াৰ ক্ৰাফ্ট , দুখন MI-17 আৰু সেনাৰ ALH হেলিকপ্টাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল ।

সন্ধানহীন বিমানখনৰ উদ্ধাৰ অভিযানৰ পৰ্যালোচনাৰ বাবে মুখ্য বায়ু সেনা মাৰশ্বেল বি এচ ধানোৱায়ে শনিবাৰে যোৰহাটত উপস্থিত হৈছিল । সন্ধানহীন হোৱা বিমানখনত থকা বৈমানিক সকলৰ পৰিয়ালক সাক্ষাৎ কৰিছিল মুখ্য বায়ু সেনা মাৰশ্বেল বি এচ ধানোৱায়ে । বিমান খনত ১৩ গৰাকী যাত্ৰী আছিল ।৬ জন বিমান খনৰ সদস্য আৰু ৭ গৰাকী যাত্ৰী সহ মুঠ ১৩ গৰাকী যাত্ৰী আছিল বিমান খনত ।৬ বিষয়াৰ ভিতৰত আছিল উইং কামাণ্ডাৰ জি এম চাৰ্লছ, এইচ বিনোদ, মহিত গাৰ্গ, সুমিত মহানতি, আশীষ তিৱাৰী, আৰু ৰাজেশ থাপ্পা। আনহাতে ৭ জন লোকৰ ভিতৰত আছিল অনুপ, শ্বাৰিন, কে কে মিশ্ৰা, পংকজ চাংৱান, এচ কে সিঙ, ৰাজেশ কুমাৰ আৰু পোতালি ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story